অসমৰ ইতিহাসত এটা অভিশপ্ত দিন।
নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য।
দুৰ্ঘটনাত পতিত যাত্ৰীৰ মৰণ কাতৰ চিঞৰ আজিও বাজি আছে কাণে কাণে।
এই দুৰ্ঘটনাৰ সময়ত দেৱদূত হৈ থিয় দিছিল একাংশ স্থানীয় যুৱকে।
মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভতাই আনিছিল প্ৰায় ৮৭জনকৈ যাত্ৰীক।
দুৰ্ঘটনাত পতিত যাত্ৰীসকলৰ মৰণ কাতৰ চিঞৰ শুনি আনক বচাবলৈ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই জাপ দিছিল ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত।
নিজৰ জীৱনকো তুচ্ছ কৰি ব্ৰহ্মপুত্ৰৰ পানীত ডুব যোৱা যাত্ৰীক উদ্ধাৰ কৰিছিল এইসকল স্থানীয় যুৱকে।
তেওঁলেকে কয় যে, হিয়া ভাঙি যোৱা মৰণকাতৰ চিঞৰবোৰ শুনি আমি ৰ’ব নোৱাৰিলো, যি যেনেকৈ পাৰে মানুহখিনিক বচাবলৈ আমি ভৰা লুইতত জাপ দিছিলো।
ইপিনে প্ৰবক্তা পৰিমিতা দাসক বচাব নোৱাৰা বাবে দুখ প্ৰকাশ কৰে এইসকল স্থানীয় যুৱকে।
উল্লেখ্য যে, বুধবাৰে নিমাতী ফেৰীঘাটত দুখন ফেৰীৰ সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল ভয়ংকৰ নাও দুৰ্ঘটনা।
আৰু তাৰ পিছৰ পৰিস্থিতি অসহনীয়! শুনিবলৈ পোৱা গৈছিল কেৱল মৰণকাতৰ চিঞৰ!
ঘটনাত মৃত্যু হয় ৰঙাচাহি কলেজৰ প্ৰৱক্তা পৰিমিতা দাসৰ লগতে লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ। আনহাতে এতিয়াও নিখোজ হৈ আছে এগৰাকী লোক।
দুৰ্ঘটনাৰ সময়ত দেৱদূত হৈ থিয় দিয়া এইসকল যুৱকক এতিয়া সকলোৱে কৃতজ্ঞতা জনাইছে।
শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিমাতিত উপস্থিত হৈ প্ৰায় ৩৬ গৰাকী লোকক গামোছা পিন্ধাই হাতযোৰ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।