চেল্ফী তুলিবলৈ গৈ প্ৰাণ গ’ল যুৱতীৰ! ২২ ঘণ্টাৰ পিছত উদ্ধাৰ মৃতদেহ

চেল্ফী তুলিবলৈ গৈ প্ৰাণ গ’ল যুৱতীৰ! ২২ ঘণ্টাৰ পিছত উদ্ধাৰ মৃতদেহ

January 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কৰবালৈ ফুৰিবলৈ গ’লে অথবা ধুনীয়াকৈ সাজি-কাঁচি ওলালে আপুনিও হয়টো নিজৰ মোবাইল ফোনত লয় এখন চেল্ফী। কিন্তু কেতিয়াবা চেল্ফীও হ’ব পাৰে মৃত্যুৰ কাৰণ।

তেনে এক ঘটনাই সংঘটিত হ’ল উৰিষ্যাত। চেল্ফী ল’বলৈ গৈ সাৱধানতা নোলোৱাৰ বাবেই প্ৰাণ গ’ল যুৱতীৰ।

পাহাৰৰ শিলত চেল্ফী ল’বলৈ গৈ পিছলি পৰি দুৰ্ঘটনাবশতঃ মৃত্যু হ’ল যুৱতীৰ। ওপৰৰ পৰা পিছলি নদীত পৰি মৃত্যু হ’ল যুৱতী গৰাকীৰ।

এই ঘটনাটো সংঘটিত হয় ৩ জানুৱাৰীৰ দিনা উৰিষ্যাৰ সুন্দৰগড় জিলাৰ জনপ্ৰিয় বনভোজস্থলী কানাকুণ্ড নামৰ ঠাইত।

ৰাজগংগাপুৰৰ কুমাৰপাৰাৰ বাসিন্দা ২৭ বছৰীয়া অনুপমা প্ৰজাপতি নামৰ যুৱতী গৰাকী বন্ধু-বান্ধৱীৰে মিলি সেইদিনা গৈছিল বনভোজ খাবলৈ। কানাকুণ্ড ঠাইডোখৰৰ প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ।

বনভোজস্থলীৰ কাষেৰেই বৈ গৈছে মনােৰম নদী। দেখিবলৈ পোৱা গৈছিল জলপ্ৰপাত সদৃশ দৃশ্য। তাতেই এগৰাকী বান্ধৱীৰ সৈতে এটা শিলৰ ওপৰত চেল্ফী ল’বলৈ উঠিছিল অনুপমা। আৰু চেল্ফী লবলৈ যোৱাই যেন কাল হ’ল অনুপমাৰ। চেল্ফী লবলৈ উঠি যাওঁতেই দুৰ্ঘটনাবশত পিছলি নদীত পৰেগৈ অনুপমা।

নদীত ডুবি মৃত্যু হয় অনুপমাৰ। জলশ্ৰোতত উটি যায় অনুপমাৰ মৃতদেহ। পৰৱৰ্তী দিনা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু অনুপমাৰ পৰিয়ালে মৃতদেহৰ সন্ধানত নামে আৰু ২২ ঘণ্টাৰ মূৰত উদ্ধাৰ কৰে মৃতদেহটো।

খবৰ অনুসৰি, ঘটনা সংঘটিত হোৱাৰ কেইমিটাৰ মান আঁতৰত শিলৰ ফাকত সোমাই আছিল অনুপমাৰ মৃতদেহ।

উল্লেখ্য যে চেল্ফীৰ বাবে দেশত বৰ্তমানলৈকে বহুতে নিজৰ জীৱন শেষ কৰিছে। চেল্ফীৰ বাবে মৃত্যু হোৱা ঘটনা বৰ্তমান কেৱল ভাৰতৰে নহয় ই সমগ্ৰ বিশ্বৰে চিন্তাৰ বিষয় হৈ পৰিছে।

লগতে চাওকঃ

প্ৰকৃত বন্ধু! পথৰ কুকুৰে দ্বিতীয় জীৱন দিলে এজন ব্যক্তিক

অংগদানেৰে ৫ টি শিশুক নতুন জীৱন দিলে ২০ মহীয়া কণমানিয়ে!

ইণ্ড’নেছিয়াত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত ব্যাপক ধ্বংসলীলা