নিউজ ডেস্ক। পুনৰ চেল্ফি কাণ্ড! চেল্ফি উঠাৰ সময়ত অসাৱধানতাৰ বাবে প্ৰাণ গ’ল এজন যুৱকৰ।
চেল্ফি উঠিবলৈ গৈ শ্বপিং মলৰ চতুৰ্থ মহলাৰ পৰা বাগৰি মৃত্যুক সাৱটিবলগীয়া হ’ল এজন যুৱকে।

এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ৰাজধানী জয়পুৰত।
প্ৰত্যক্ষদর্শীৰ মতে, জয়পুৰৰ হাইপাৰ চিটি নামৰ এটা শ্বপিং মলৰ চতুৰ্থ মহলাৰ ৰেলিঙত ভেজা দি যুৱকজনে চেল্ফি উঠিবলৈ চেষ্টা কৰোঁতেই তললৈ বাগৰি পৰে।
আনহাতে সেই সময়ত শ্বপিং মলৰ তলৰ মহলাত থিয় হৈ থকা এগৰাকী যুৱতীৰ ওপৰত যুৱকজন বাগৰি পৰাত যুৱতীগৰাকীও গুৰুত্বৰভাৱে আহত হয়।
#जयपुर से इस वक्त की बड़ी खबर
— INDIA NEWS RAJASTHAN (@indianewsraj1) December 25, 2021
एक मॉल से युवक और युवती ने लगाई छलांग
हाइपर सिटी मॉल की घटना
दोनों गंभीर घायलों को पहुंचाया गया कांवटिया अस्पताल
मौके पर पहुंची झोटवाड़ा थाना पुलिस@jaipur_police pic.twitter.com/SZGna77RCh
লগে লগে উপস্থিত নিৰপত্তাৰক্ষী আৰু অইন লোকসকলে যুৱক আৰু যুৱতীগৰাকীক কানৱতিয়া চিকিৎসালয়লৈ লৈ যায় যদিও যুৱকজনক মৃত ঘোষণা কৰে চিকিৎসকে।
বৰ্তমান গুৰুত্বৰভাৱে আহত যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে। যুৱতীগৰাকী বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰৱৰ্তী আইনী প্ৰক্ৰিয়া সম্পন্ন কৰিছে।
জানিব পৰা মতে, পূৰ্বেও শ্বপিং মলটোত এনেধৰণৰ ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু ঘটিছিল।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল