
নিউজ ডেস্ক। নৈৰ পাৰত চেল্ফি তুলিবলৈ লৈ নৈৰ সোঁতত উটি গল এজন যুৱক। এই ঘটনা সংঘটিত হৈছে ছিক্কিমৰ লাচুঙত।
জানিব পৰা মতে, নৱবৰ্ষ উদযাপনৰ বাবে আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে বছৰৰ পহিলা দিনটোত লাচুং ভ্ৰমণলৈ আহিছিল বিহাৰৰ ভাগলপুৰ জিলাৰ অভিষেক কুমাৰ নামৰ ২১ বছৰীয়া পৰ্যটকজন।

সোমবাৰে তেওঁলোকে লাচুং নৈৰ পাৰলৈ আহে আৰু নৱবৰ্ষ উদযাপন কৰে। আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে অভিষেক কুমাৰ।
প্ৰত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, যুৱকজনক শেষবাৰৰ বাবে নৈৰ পাৰত চেল্ফি তুলি থকা দেখা গৈছিল।

কিন্তু যুৱকজন তেতিয়াৰ পৰাই সন্ধানহীন হৈ থকাত চেল্ফি তুলিব লওঁতে নৈৰ সোঁতত উটি যোৱাৰ সন্দেহ কৰা হৈছে।
লাচুং ডজমচা আৰু হোটেল এছ’চিয়েশ্যনৰ সহায়ত বৰ্তমান লাচুং আৰক্ষীৰ দ্বাৰা যুৱকজনৰ সন্ধানত অভিযান চলি আছে।
লগতে চাওকঃ অনুমতি অবিহনে কাজিৰঙাৰ ভিতৰত প্ৰৱেশ বিদেশী পৰ্যটকৰ, গঁড়ৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা…