অসমঅসমীয়া

চেন্ট্ৰ’ বাহনৰ সৈতে সংঘৰ্ষত থিতাতে মৃত্যু স্কুটী আৰােহীৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

চেন্ট্ৰ বাহনৰ সৈতে স্কুটীৰ সংঘৰ্ষৰ ফলত থিতাতে নিহত স্কুটীখনৰ চালক।

এই পথ দুৰ্ঘটনাৰ স্থান নগাঁও জিলাৰ ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথ।

জানিব পৰা মতে, মঙলবাৰে পুৱা ৰহাৰ ফুলগুৰিত AS 02H 2862 নম্বৰৰ চেন্ট্ৰ’ বাহনৰ সৈতে AS 01DE 8234 নম্বৰৰ স্কুটীখনৰ সংঘৰ্ষ হয়।

এই সংঘৰ্ষৰ ফলত স্কুটী আৰোহীজনৰ থিতাতে মৃত্যু ঘটে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ৰহা দিশৰ পৰা নগাঁও দিশে যাত্ৰা কৰা চেন্ট্ৰ বাহনখনে পথ অতিক্ৰম কৰা স্কুটীখনক মহটিয়াই লৈ যায়।

দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় দুজন লোক।

নিহত লােকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button