চুৰি বাইক লৈ আলহী খাবলৈ গৈ আৰক্ষীৰ জালত পৰিল ২ যুৱক…

নিউজ ডেস্কঃ চুৰি বাইকেৰে আলহী খাবলৈ গৈ আৰক্ষীৰ জালত পৰিল ২ যুৱক। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ধেমাজি জিলাৰ চিলাপথাৰৰ ডিমৌত।

জানিব পৰা মতে, কোলামুৱা নেপালি গাঁৱৰ নিলমণি পেগুৰ পুত্ৰ মিগম পেগু নামৰ বাইক চোৰটোৱে এখন চুৰি পালছাৰ বাইক লৈ টঙানি বৰমূৰীয়া গাঁৱৰ যুৱৰাজ পেগু নামৰ আন এজন যুৱকৰ সৈতে ডিমৌৰ চিমেনবালী গাঁওলৈ আলহী খাবলৈ গৈছিল।

চাবি নথকা বাইকখন লৈ যুৱক দুজনে পেট্ৰ’ল পাম্পত তেল ভৰাবলৈ যোৱাত স্থানীয় একাংশ যুৱকে সন্দেহ কৰি সোধাপোছা কৰাত ভয় খাই পলায়ন কৰে যুৱক দুজনে।

photo1662727668 1
চুৰি বাইক লৈ আলহী খাবলৈ গৈ আৰক্ষীৰ জালত পৰিল ২ যুৱক… 2

ইয়াৰ পিছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়া ডিমৌ আৰক্ষীয়ে অৱশেষত খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যুৱক দুজনক।

জানিব পৰা মতে, মিগন পেগুৱে চিলাপথাৰ নগৰৰ এছআইৰ পেট্ৰ’ল ডিপোৰ ওচৰত ৰাখি থোৱা অৱস্থাৰ পৰা চুৰি কৰিছিল এএছ ২২বি ১৪৯৫ নম্বৰৰ ৰঙা ৰঙৰ পালছাৰ বাইকখন। তাৰ পিছতে বন্ধুৰ সৈতে আলহী খাবলৈ গৈ জালত পৰে আৰক্ষীৰ।

এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।