চুবুৰীয়া এইখন ৰাজ্যৰ এটা প্ৰসিদ্ধ ‘শিৱ লিংগ’ত নিষিদ্ধ ব’ল বমৰ পূজা-অৰ্চনা, কিন্তু কিয়?

শাওন মানেই শিৱ, গতিকে এয়া শিৱৰ মাহ। পিত বস্ত্ৰ পৰিহিত ভক্তৰ সমদলেৰে ভৰি পৰিছে এই মাহৰ শিৱ মন্দিৰ। ডেকা-গাভৰু, পুৰুষ-মহিলা সকলোৰে মুখে মুখে ঈশ্বৰৰ ধ্বনি- ব’ল বম… ব’ল বম।

ভগৱান শিৱক বিচাৰি মন্দিৰলৈ ঢাপলি মৰা পিত বস্ত্ৰ পৰিহিত ভক্তগণৰ বাবে শাওনৰ মাহটোৱে হৈছে বছৰৰ আটাইতকৈ পবিত্ৰ মাহ। ঈশ্বৰৰ আৰাধনাত মগন ভক্তই কোনোৱে যদি নিজেই একানমনে শিৱস্তুতি গাইছে, আন কোনোৱে আকৌ ডি জেত লগোৱা ভোজপুৰী গীতত প্ৰাণভৰি নাচিছে।

BolBom
ফাইল ফটাে

ভগৱানৰ প্ৰতি বিশ্বাস আৰু ভক্তিৰ এনে এক মহা উদযাপনৰ মাজতে বিতৰ্কৰ সূচনা হৈছে উত্তৰ-পূবৰ ৰাজ্যৰ মেঘালয়ৰ এটা গুহাক লৈ। মেঘালয়ৰ মাউজিম্বুইন গুহাত হিন্দু বিশ্বাসীসকলক পূজা-অৰ্চনা কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে সূত্ৰপাত ঘটিছে এই বিতৰ্কৰ।

মেঘালয়ৰ ক্ৰেম মাউজিম্বুইনত অৱস্থিত এই বিখ্যাত গুহাটোত এটা প্ৰাকৃতিক শিল আছে, যাৰ গঠন হিন্দু বিশ্বাসৰ ‘শিৱ লিংগ’ৰ দৰে। এনে কাৰণতে শাওনৰ মাহত সেই গুহাটোত পূজা-অৰ্চনা কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল একাংশ হিন্দু বিশ্বাসীয়ে। গুহাটোত উপাসনাৰ বাবে অনুমতি বিচাৰি এটা হিন্দু গোটে প্ৰশাসনৰ দুৱাৰত টুকুৰিওৱাৰ পিছতে মাউজিম্বুইন গুহাত কোনো ধৰণৰ পূজা-অৰ্চনা বা উপাসনাত নিষেধাজ্ঞা ঘোষণা কৰে মৌছিনৰাম দৰবাৰ শ্বনঙে।

Shiva
চুবুৰীয়া এইখন ৰাজ্যৰ এটা প্ৰসিদ্ধ 'শিৱ লিংগ’ত নিষিদ্ধ ব’ল বমৰ পূজা-অৰ্চনা, কিন্তু কিয়? 3

অহা ১০ আৰু ১১ আগষ্টত মাউজিম্বইন গুহাত পূজা-অৰ্চনা কৰিব বিচাৰিছিল হিন্দু তীৰ্থযাত্ৰীৰ এটা গোটে। ইয়াৰ পূৰ্বেই ১ আগষ্টত মৌছিনৰাম দৰবাৰ শ্বনঙৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গুহাত পূজা-অৰ্চনাত নিষেধাজ্ঞা জাৰি কৰে। জানিব পৰা মতে, হিন্দু গোটটোৱে প্ৰথম অৱস্থাত অনুমতি বিচাৰি ইষ্ট খাচী হিলছৰ উপায়ুক্ত আৰ এম কুৰবাহৰ কাষ চাপিছিল। কিন্তু তেওঁলোকৰ অনুমতি উপায়ুক্তই নাকচ কৰাৰ পিছত গোটটোৱে দৰবাৰ শ্বনঙৰ কাষ চাপে।

ইফালে দৰবাৰ শ্বনঙে গুহাটোত ধৰ্মীয় উপাসনা নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বিভিন্ন পক্ষই। মেঘালয়ৰ ছাত্ৰ সংগঠন খাচী ষ্টুডেণ্টছ ইউনিয়ন (কে এছ ইউ)য়ে দৰবাৰ শ্বনংৰ এই স্থিতিক সমৰ্থন আগবঢ়ায়। কে এছ ইউ দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ সভাপতি ফৰৱাৰ্ডমেন নংগ্ৰেম আৰু কে এছ ইউ ল’বাহ সীমান্ত অঞ্চল চক্ৰৰ সভাপতি ছাম্বৰলং শ্বাবঙে ৪ আগষ্টত এক যৌথ বিবৃতি প্ৰকাশ কৰি নিষেধাজ্ঞাৰ প্ৰতি সমৰ্থন স্পষ্ট কৰে। প্ৰয়োজন হ’লে দৰবাৰ শ্বনঙৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিব বুলিও স্থিতি ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৱে।

এয়া কোনো ধৰ্মীয় স্থান নহয়

মাউজিম্বুইন গুহাত যিকোনো ধৰ্মৰ উপাসনা নিষিদ্ধ কৰাৰ বাবে দৰবাৰ শ্বনঙে লোৱা সিদ্ধান্তৰ সমৰ্থন জনাই ছাত্ৰ সংগঠন কে এছ ইউৱে কয় যে তেওঁলোকে মাউজিম্বুনক কোনো বিশেষ ধৰ্মৰ পূজাস্থলীলৈ ৰূপান্তৰিত হ’বলৈ নিদিয়ে। ছাত্ৰ সংগঠনটোৰ খাচী পাহাৰ জিলাৰ সভাপতি ফৰৱাৰ্ডমেন নংগ্ৰেমে কয়, ”মৌছিনৰাম দৰবাৰ শ্বনঙৰ বিৰোধিতা সত্ত্বেও পূজাৰ স্থান স্থাপনৰ বাবে বল প্ৰয়োগ কৰাৰ কোনো প্ৰচেষ্টা আমি মানি নলওঁ।’’

মেঘালয়ৰ পৰ্যটনৰ অভিকেন্দ্ৰ এই গুহাটোত উপাসনাস্থলী নিৰ্মাণ কৰিলে গুহাটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য ধ্বংস হ’ব বুলিও মন্তব্য কৰে কে এছ ইউৱে। ছাত্ৰ সংগঠনটোৱে কয়, “গুহাটোৰ ভিতৰত থকা মউজিম্বুইনবোৰৰ কোনো বিশ্বাসৰ লগত কোনো সম্পৰ্ক নাই। সেই প্ৰক্ষেপণসমূহ অলৌকিক বা পৌৰাণিক নহয়, ই কেৱল সমগ্ৰ বিশ্বতে পোৱা ষ্টেলেক্টাইট আৰু ষ্টেলগমাইট।’

স্মৰণীয় যে, মৌছিনৰাম দৰবাৰ শ্বনঙৰ কাৰ্যনিৰ্বাহক সমিতিয়ে ১ আগষ্টত ঘোষণা কৰিছিল যে কোনো গোটক গুহাটোত পূজাস্থলী স্থাপন কৰিবলৈ দিয়া নহ’ব। ১০ আৰু ১১ আগষ্টত হিন্দু তীৰ্থযাত্ৰীৰ এটা গোটে এই স্থানক পূজাৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰাৰ পিছতে এই সিদ্ধান্ত লয় দৰবাৰ শ্বনঙে।

মৌছিনৰামৰ সহায়ক ৰংবাহ শ্বনং হিয়ামদৰ ৰাপছাঙে প্ৰকাশ কৰা মতে, প্ৰথমে হিন্দু গোটটোৱে ৩ আৰু ৪ জুলাইত তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিছিল যদিও পিছত ১০ আৰু ১১ আগষ্টলৈ পিছুৱাই দিছিল। তেওঁ লগতে এয়াও স্পষ্ট কৰি দিয়ে যে মাউজিম্বুইনত পূজা-অৰ্চনা নিষিদ্ধ কৰাৰ অৰ্থ হিন্দু ধৰ্মৰ বিৰোধিতা কৰা নহয়। এইটো এটা পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ। গতিকে ইয়াক পৰ্যটনস্থলী হিচাপেই থাকিবলৈ দিয়া উচিত।

ৰূপছাঙে কয়, “ধৰ্মীয় গোটসমূহে ৰাজহুৱা উপাসনা অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰাটো কেৱল মৌছিনৰাম দৰবাৰ শ্বনঙেই নহয়, মৌছিনৰামৰ ওচৰৰ আশে-পাশে থকা গাঁওসমূহৰ বিভিন্ন গীৰ্জা আৰু ৰাজনৈতিক দলেও সমৰ্থন কৰিছে।”

এয়া আমাৰ বিশ্বাস, সেয়া শিৱ লিংগই হয়

মৌছিনৰাম দৰগাহ শ্বনঙে গুহাত যিকোনো ধৰণৰ উপাসনা নিষিদ্ধ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই গুহাত উপাসনা কৰিব বিচৰা হিন্দু বিশ্বাসীসকলে। গুহাৰ ভিতৰত থকা শিলটো দৰাচলতে শিৱ লিংগ বুলি দাবী কৰি তাত পূজা-অৰ্চনা কৰাটো হিন্দুৰ নায্য অধিকাৰ বুলি তেওঁলোকে মন্তব্য কৰে।

এগৰাকী হিন্দু উপাসকে দৰবাৰ শ্বনঙৰ নিষেধাজ্ঞা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ”সেয়া এক পৌৰাণিক শিৱ লিংগ। তাত উপাসনা কৰিবলৈ অনুমতি প্ৰদান কৰা উচিত আছিল। বিশেষকৈ এই মাহত শিৱক আৰাধনা কৰিব বিচৰাসকলে অনুমতি লাভ কৰিব লাগিছিল।’’

মাউজিম্বুইন গুহা এদিন হিন্দুৰ উপাসনাস্থলী হিচাপে প্ৰতিষ্ঠা হ’বই বুলি দাবী কৰি আন এগৰাকী ভক্তই কয়, ”সেই গুহাটোত ভগৱান শিৱই বাস কৰে, সেয়া আমাৰ বিশ্বাস। গতিকে এদিন নহয় এদিন সেয়া হিন্দুৰ উপাসনাস্থলী হিচাপে প্ৰতিষ্ঠা হ’বই। এতিয়া তেওঁলোকে নিষেধাজ্ঞা আৰোপ কৰিছে, কৰক। ঈশ্বৰৰ বাবে আমি অপেক্ষা কৰিম।’’

লগতে চাওকঃ

Leave a Comment