চীন সীমান্তত সন্ধানহীন অৰুণাচল প্ৰদেশৰ প্ৰথমজন এভাৰেষ্ট আৰোহণকাৰী তাপি ম্ৰা…

মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী অৰুণাচল প্ৰদেশৰ ব্যক্তি তাপি ম্ৰা সন্ধানহীন।

বিগত ৭ দিনৰ পৰা সন্ধানহীন হৈ আছে এভাৰেষ্ট আৰোহণকাৰী তাপি ম্ৰা।

জানিব পৰা মতে পৰ্বতাৰোহণ সংস্থাৰ মহাসচিব তাপি ম্ৰা অৰুণাচল প্ৰদেশৰ অন্যতম উচ্চ শৃংগ কায়াৰিসাতম পৰ্বত অন্বেষণৰ বাবে চৰকাৰী অভিযানত আছিল।

উল্লেখযোগ্য যে, ৩৭ বছৰীয়া ম্ৰাই ২০০৯ চনৰ ২১ মে’ত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল।

পৰ্বতাৰোহণ সংস্থাসমূহে মুখ্যমন্ত্ৰী পেমা খাণ্ডুক ম্ৰাক বিচাৰি উলিওৱাৰ বাবে সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনাইছে।

পৰ্বত আৰোহণ লগতে বিশ্ববাসীক অৰুণাচল প্ৰদেশৰ এই মনোৰম বৰফাবৃত পৰ্বতলানীৰ বিষয়ে অৱগত কৰাৰ বাবে পূৰ্বতেও তেওঁ এই পৰ্বতত বেছ কেম্প স্থাপনৰ বাবে অভিযান চলাইছিল।

image 208
চীন সীমান্তত সন্ধানহীন অৰুণাচল প্ৰদেশৰ প্ৰথমজন এভাৰেষ্ট আৰোহণকাৰী তাপি ম্ৰা... 2

কিছু বছৰ পূৰ্বে নিজে স্থাপন কৰি অহা ক্যাৰি চাটাম পৰ্বতৰ প্ৰথমটো বেছ কেম্পৰ পৰা ওপৰলৈ গৈ আন এটা বেছ কেম্প স্থাপনৰ উদ্দেশ্য তেওঁ যোৱা ২১ আগষ্টত এজন প’ৰ্টাৰক লগত লৈ পৰ্বত আৰোহণৰ যাত্ৰা আৰম্ভ কৰিছিল।

কিন্তু প্ৰতিকুল বতৰৰ সন্মুখীন হৈ তাপি ম্ৰা আৰু তেওঁৰ সহযোগী নিকু দাও নিখোজ হৈ পৰে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে ইষ্ট কামেং জিলাৰ চীন সীমান্তৰ এই ক্যাৰি চাটাম পৰ্বতৰ প্ৰথমটো বেছ কেম্পলৈ যোৱাৰ কোনো পথ নাই বাবে চীন সীমান্তৰ অন্তিমখন গাঁৱৰ পৰা সাত দিন ধৰি খোজ কাঢ়ি যাব লাগে।

আনকি টাপি মাৰাৰ উদ্ধাৰ অভিযানৰ বাবে উদ্ধাৰকাৰী দল সাতদিন খোজ কাঢ়ি গৈহে তাত উপস্থিত হ’বগৈ পাৰিব।

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগত পৰ্বতাৰোহণৰ প্ৰশিক্ষকৰ চাকৰি কৰি থকা টাপি মাৰাক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খান্দুৱে নিজেই উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে।