চিয়াচেন গ্লেচিয়াৰত শ্বহীদ সেনা জােৱান নিতুল গগৈ, সামৰিক মর্যাদাৰে সম্পন্ন শেষকৃত্য

March 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশ-মাতৃৰ ৰক্ষাৰ্থে নিজৰ প্ৰাণৰ আহুতি দিলে আন এগৰাকী বীৰ অসমীয়া সৈনিকে।

ভাৰতীয় সেনাৰ অষ্টম অসম ৰেজিমেন্টত চুবেদাৰ হিচাপে কৰ্তব্যৰত এই জােৱানজনৰ নাম হৈছে নিতুল গগৈ (৪৩)।

ঘৰ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাঁৱত।

অহা মে’ মাহত নিজ ঘৰলৈ দুমাহৰ বাবে ছুটীত অহাৰ কথা আছিল জােৱানজনৰ। কিন্তু নিষ্ঠুৰ নিয়তিয়ে চিৰকালৰ বাবে পৰিয়ালৰ পৰা কাঢ়ি নিয়ে জােৱানজনক।

উল্লেখ্য যে প্ৰতিবেশী শত্ৰুৰাষ্ট্ৰ পাকিস্তান আৰু চীন সীমান্তৱৰ্তী অতি দুৰ্গম তথা বৰফাবৃত্ত লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত জোৱানজনৰ যোৱা ১৩ মাৰ্চত মৃত্যু ঘটে। এই চিয়াচেন গ্লেচিয়াৰ সমুদ্ৰ পৃষ্ঠৰ পৰা ১৯,৬০০ ফুট উচ্চতাত অৱস্থিত।

সেনাৰ সূত্ৰই সদৰী কৰা মতে, উশাহ-নিশাহত কষ্ট পোৱাৰ বাবেই জোৱানজনৰ মৃত্যু হৈছিল। সােমবাৰে বিশেষ বিমানযোগে তেওঁৰ মৃতদেহ ডিব্ৰুগড়ৰ বিমান বন্দৰলৈ অনা হয়। ইয়াৰ পাছতে সেনাই বিমান বন্দৰতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

তাৰ পিছত ভাৰতীয় সেনাৰ ৪১ নং ছাব এৰিয়াৰ এটা গোটে জোৱানজনৰ মৃতদেহ টিপমীয়া গাঁৱৰ বাসগৃলৈ আনে। লগে লগে লোকাৰণ্য হৈ পৰা ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

গায়ন-বায়নেৰে জোৱানজনৰ শৱদেহ আদৰি অনাৰ পাছত সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সমাপন কৰা হয়। ভতিজাক মাইনা গগৈয়ে শ্বহীদ জােৱানজনক পাৰ্থিৱ শৰীৰত মুখাগ্নি কৰে।

বীৰ শ্বহীদগৰাকীৰ বৃদ্ধা মাতৃ, পত্নী কবিতা গগৈ, প্রথম আৰু মুকুল শ্রেণীত অধ্যনয়ৰত কণমানি কন্যা দিবাক্ষী আৰু দীপাশ্রীৰ হিয়া ভগা কান্দোনে তাত উপস্থিত প্রত্যেকজন লোকৰ চকু সেমেকাই তোলে।

এই কাৰ্যসূচীত শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক, ভাৰতীয় সেনাৰ ৪১ নং ছাব এৰিয়াৰ বিষয়াসকলৰ লগতে গৌৰীসাগৰ আৰক্ষী শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে।

লগতে চাওকঃ

মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত কইনাৰ মাতৃ-আইতাসহ ৪ জনৰ মৃত্যু

ব্ৰেক ফেইল হৈ ৩৫ কিমি পিছুৱাই আহিল যাত্ৰীবাহী ৰে’ল! নিলম্বিত হ’ল চালকসহ ৩ ৰে’ল কৰ্মচাৰী

অযােধ্যাৰ ৰাম মন্দিৰৰ বাবে ‘ৰাৱণ’ৰ শ্ৰী’লংকা’ৰ পৰা ভাৰতলৈ আহিল এক বিশেষ শিলাখণ্ড!

লক্ষ্যস্থান চীন! ৰপ্তানিৰ বাবে সাজু কৰি ৰখা ২১ লাখ ময়ূৰ পাখি জব্দ, মূল্য ৫.২৫ কােটি টকা