চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড…

পলাশবাৰীৰ চিয়াঁহী নিৰ্মাণ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড।
পলাশবাৰীৰ হুদলামপুৰত অৱস্থিত চিয়াঁহী উদ্যোগটোত নিশা প্ৰায় ১০.৩০ মান বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
কন্ট্রোল প্রিণ্ট নামৰ চিয়াঁহী উদ্যোগত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতে প্ৰায় চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি, জুইৰ উৎসক ৰাসায়নিক পাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে। পাত্ৰটোৰ পৰা জুইৰ শিখা বিয়পি পৰিছিল আৰু দ্ৰুত গতিত ওচৰৰ অঞ্চলবোৰলৈ বিয়পি পৰিছিল।
নিশাই উদ্যোগটোৰ পৰা কাষৰ আবাসিক এলেকালৈ জুই সম্প্রসাৰিত হোৱাৰ আশংকা বাসিন্দাসকলক সুৰক্ষিত দূৰত্বলৈ স্থানান্তৰ কৰে আৰক্ষীয়ে।
অৱশ্যে কোনো লোক এই অগ্নিকাণ্ডৰ ফলত হতাহত হোৱা নাই।
কেনেকৈ এই অগ্নিকাণ্ডৰ সূত্রপাত হ’ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।