fbpx
অসম

চিলিণ্ডাৰ, আলু-পিঁয়াজৰ মালা লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত AIUDFৰ প্ৰতিবাদ

পেট্ৰ’ল-ডিজেল, ৰন্ধৰগেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ চচলৰ প্ৰতিবাদ সাব্যস্ত কৰিলে AIUDF-এ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিক লৈ AIUDFৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

দলটোৰ কেইবাগৰাকীও বিধায়কৰ লগতে শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত

পিয়াঁজৰ মালা, মিঠাতেলৰ বটল, চিলিণ্ডাৰক প্ৰতীক হিচাপে লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে।

আমিনুল ইছলাম, হাফিচ বচিৰ আহমেদ, আশ্ৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, আব্দুল আজিজ, ছুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, চামচুল হুদা, জাকিৰ হুছেইন লস্কৰ, মজিবুৰ ৰহমানকে ধৰি মুঠ ১২জন বিধায়ক উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্যসূচীত।

Related Articles

Leave a Reply

Back to top button