অসমীয়াঅসম

চিনেমা চোৱাটো কাপোৰ পিন্ধাৰ দৰে, বেয়া পালে নাচালেই হ’ল! ‘পাঠান’ক লৈ এইবাৰ প্ৰতিক্ৰিয়া অভিনেতা ৰবি শৰ্মাৰ…

নিউজ ডেস্কঃ কাইলৈ অৰ্থাৎ ২৫ জানুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমৰো ছবিগৃহত মুক্তিলাভ কৰিব শ্বাহৰুখ খান অভিনীত আৰু আদিত্য চোপ্ৰা পৰিচালিত ছবি ‘পাঠান’।

মুক্তিৰ পূৰ্বৰে পৰাই চৰ্চাত থকা এই ছবিখন অসমত নিষিদ্ধ কৰিবলৈ ইতিমধ্যে সাব্যস্ত হৈছে প্ৰতিবাদ। হিন্দুত্ববাদী সংগঠনে দাখিল কৰিছে এজাহাৰো।

ৰাজ্যৰ মুখ্যমন্ত্ৰী খোদ হিমন্ত বিশ্ব শৰ্মাই এই ছবিখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছত এতিয়া সৰ্বত্ৰে মূল চৰ্চিত বিষয় হৈ পৰিছে ‘পাঠান’ আৰু কিং শ্বাহৰুখ।

এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে এইবাৰ ছবিখনক লৈ নিজৰ মত ব্যক্ত কৰিলে অসমীয়া ছবিজগতৰ সুদৰ্শন অভিনেতা ৰবি শৰ্মাই।

ছবি চোৱাটো কাপোৰ পিন্ধাৰ দৰে কথা, কোনোৱে ভাল পালে পিন্ধিব, বেয়া পালে নিপিন্ধিব বুলি মন্তব্য কৰি অভিনেতাগৰাকীয়ে কয় যে কলা আৰু সংস্কৃতিৰ মাজত ৰাজনীতিক সোমাব নালাগে।

কোনো এটা ৰাজনৈতিক দলৰ ভাৱধাৰা বা ধৰ্মীয় আঘাত হনা ছবি পূৰ্বেও বহু মুক্তি পাইছে বুলি মন্তব্য কৰি ৰবি শৰ্মাই কয় যে একাংশই বেনাৰ-পোষ্টাৰ ফালিয়েই প্ৰচাৰ লাভ কৰিব বিচাৰে।

আনে কৰা কামৰ যশ ল’ব বিচৰা ঘটনা আজিৰ সময়ত সহজলভ্য হৈ পৰিছে বুলিও মন্তব্য কৰে ৰবি শৰ্মাই।

‘পাঠান’ তেওঁ নিশ্চয়কৈ চাব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি ৰবি শৰ্মাই কয় যে এনে বিষয়ত কলা-কুশলীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা ফালৰি কাটিব নালাগে।

Related Articles

Back to top button