অসম

চিকিৎসা মহাবিদ্যালয় দালালৰাজ! চিটি স্কেনৰ নামত ধন দাবী কৰা ২ কৰ্মচাৰী নিলম্বন…

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত অব্যাহত আছে একাংশ দালালৰ প্ৰবঞ্চনা।

এইবাৰ চিটি স্কেনৰ নামত ধন দাবী কৰা নিলম্বন হ’ল দুগৰাকী কৰ্মচাৰী।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

নিলম্বিত কৰ্মচাৰী দুগৰাকী হৈছে ‘স্পন্দন’ নামৰ চিটি স্কেন কৰা সংস্থাটোৰ টেক্‌নিচিয়ান ধৈর্য বুঢ়াগোহাঁই আৰু টুলটুল দাস।

জানিব পৰামতে, চিকিৎসা মহাবিদ্যালয়খনৰ মেডিচিন ৱাৰ্ডত নাৰায়ণপুৰৰ জৰাবাৰীৰ উর্মিলা দাস আৰু বিহপুৰীয়া নাহৰআটী থানাৰ হেমলতা দাস নামৰ দুগৰাকী ৰোগী চিকিৎসাধীন হৈ আছিল।

সেই অনুসৰি চিকিৎসকে দুয়োগৰাকী ৰোগীক চিটি স্কেন কৰিবলৈ কোৱাত ৰোগীৰ অভিভাৱকে চিকিৎসা মহাবিদ্যালয়খনৰ চিটি স্কেনৰ কৰ্মচাৰীৰ লগত যোগাযোগ কৰে।

কিন্তু চিকিৎসা মহাবিদ্যালয়ৰ চিটি স্কেন পৰিচালনাৰ দায়িত্বত থকা ‘স্পন্দন’ নামৰ সংস্থাটোৰ কৰ্মচাৰীয়ে ৰোগীৰ অভিভাৱকৰ পৰা চিটি স্কেনৰ নামত ১৬ শ টকাকৈ বিচাৰে। চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়াকৈ চিটি স্কেন সেৱা উপলব্ধ হোৱা সত্ত্বেও ধন দাবী কৰাত ৰোগীৰ পৰিয়ালে ধন দিবলৈ অমান্তি হয়।

কিন্তু ধন নিদিলে চিটি স্কেন কৰা নহ’ব বুলি কৰ্মচাৰীয়ে স্পষ্ট কৰি দিয়াত উপায়হীন হৈ দুয়োগৰাকী ৰোগীৰ অভিভাৱকে দাবী কৰা ধন দিবলৈ বাধ্য হয়।

কিন্তু নাহৰআটী থানৰ ৰোগীৰ অভিভাৱকে বিষয়টো সংবাদ মাধ্যমক অৱগত কৰিব বুলি কোৱাত তেওঁৰ পৰা লোৱা ধন চিটি স্কেনৰ দায়িত্বত থকা কৰ্মচাৰীয়ে ঘূৰাই দিয়ে।

উল্লেখ্য যে, চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ইয়াৰ পূৰ্বেও ব্লাড বেংকৰ কৰ্মচাৰীয়ে ৰোগীৰ অভিভাৱকৰ পৰা তেজ যোগান ধৰাৰ নামত উৎকোচ লৈ নিলম্বিত হ’ব লগা হৈছিল।

Related Articles

Back to top button