fbpx
অসম

চিকিৎসা মহাবিদ্যালয়ত দালালৰ দপদপনি! ৰোগীৰ পৰীক্ষাৰ নামত ধন লৈ GMCH-ত আটক দুজন…

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত অব্যাহত আছে দালালৰ দপদপনি।

পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত গ্ৰেপ্তাৰ হ’ল দুজন দালাল।

অধীক্ষকৰ কাৰ্যালয়তে গ্ৰেপ্তাৰ নৱদীপ বৰা নামৰ এজন দালালক।

এজনৰ পৰা ৰোগীৰ পৰীক্ষাৰ নামত লৈছিল ১০ হাজাৰ টকা। লোকজনে অভিযোগ দিছিল অধীক্ষক অভিজিৎ শৰ্মাক।

নৱদীপৰ লগতে বাণীকান্ত দাস নামৰ এজন ৱাৰ্ড বযকো গ্ৰেপ্তাৰ কৰা হৈছএ।

হেমাট’লজী বিভাগৰ পৰা দালালটোৱে সংগ্ৰহ কৰিছিল ধনখিনি।

৭ ফেব্ৰুৱাৰীত সংগ্ৰহ কৰিছিল ধনখিনি।

দালালিত বৃহৎ চক্ৰ জড়িত থকাৰ অভিযোগ। চক্ৰটোত জ্যেষ্ঠ চিকিৎসকো জড়িত হৈ থকাৰ অভিযোগ।

Related Articles

Back to top button