চিকিৎসকৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে GMCH-ৰ কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ।
দিল্লীত চিকিৎসকৰ ওপৰত দিল্লী আৰক্ষীয়ে কৰা আক্ৰমণৰ বিৰুদ্ধে অসমতো সাব্যস্ত কৰা হয় প্ৰতিবাদ।
চিকিৎসকৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে চলোৱা শাৰিৰীক নিৰ্যাতনৰ বিৰুদ্ধাচৰণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকলেও বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।
বুধবাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে GMCH ৰ কণিষ্ঠ চিকিৎসকসকলে।
উল্লেখ্য যে, NEET-PG পৰীক্ষাৰ ফলাফল ঘোষণাৰ দীৰ্ঘদিন পিছতো কাউঞ্চেলিং অনুষ্ঠিত নকৰাৰ বাবেই দিল্লীৰ বিভিন্ন চৰকাৰী হাস্পতালৰ আৱাসিক চিকিৎসক সকলে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

কিন্তু চিকিৎসক সকলৰ প্ৰতিবাদ দমন কৰাৰ উদ্দেশ্যে আৰক্ষী বাহিনীয়ে তেওঁলোকৰ ওপৰত নিৰ্মমভাৱে লাঠিচালনা কৰে।
প্ৰতিবাদী চিকিৎসক সকলৰ ওপৰত চলোৱা এই নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধাচৰণ কৰিয়েই বুধবাৰে দেশজুৰি কনিষ্ঠ চিকিৎসক সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।