
নিউজ ডেস্কঃ চিকিৎসকে মৃত ঘোষণা কৰাৰ পিছত মৃতদেহ সৎকাৰৰ বাবে শ্মসানলৈ নিয়াৰ সময়তে এগৰাকী মহিলাই হঠাৎ চকু মেলি যোৱাত আতংকিত হৈ পৰিল উপস্থিত সকলো।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত।
জানিব পৰা মতে, ফিৰোজাবাদৰ হৰিভেজী নামৰ এগৰাকী ৮১ বৰ্ষীয় মহিলাক ২৩ ডিচেম্বৰত হাস্পতালত ভৰ্তি কৰা হৈছিল।
ইয়াৰ পিছতে মগজুৰ ৰক্তক্ষৰণৰ ফলত মহিলাগৰাকীৰ মৃত্যু ঘটা বুলি চিকিৎসকে ঘোষণা কৰাত পৰিয়ালৰ লোকে মৃতদেহটো লৈ ঘৰলৈ আহে।

ঘৰত এক শোকাকুল পৰিৱেশত মহিলাগৰাকীৰ অন্তিম সংস্কাৰৰ কাম চলিছিল।
সকলো যা-যোগাৰ সম্পন্ন হোৱাৰ পিছত মৃতদেহটো শ্মশানলৈ নিয়াৰ সময়তে হঠাৎ হৰিভেজীয়ে চকু মেলি চোৱাত পৰিয়ালৰ লগতে উপস্থিত সকলো স্তম্ভিত হৈ পৰে।
লগে লগে মহিলাগৰাকীক পুনৰ হাস্পতাললৈ নিয়া হয় যদিও পিছদিনা মহিলাগৰাকীয়ে সঁচাকৈয়ে মৃত্যুক সাৱটি লয়।