চিকিউৰিটি গাৰ্ড হিচাপে যােগদান কৰা কােম্পানীতে ছ’ফ্টৱেৰ ইঞ্জিনিয়াৰ হ’ল এজন অসমীয়া!

March 24, 2021 0 By NEWS DESK

কেৱল শিক্ষা নহয়, দক্ষতাৰ বলত সফলতা লাভ কৰিলে এজন অসমীয়াই

নিউজ ডেস্ক। সঁচাকৈ কেতিয়া কাৰ ভাগ্য কোন দিশে যায় কোনেও ক’ব নোৱাৰে।

দশম শ্ৰেণীলৈকে পঢ়ি হাতত মাত্ৰ এক হাজাৰ টকা লৈ ঘৰৰ পৰা চিকিউৰিটি গাৰ্ড হ’বলৈ ওলাই যোৱা অসমীয়া যুৱক এদিন হ’লগৈ ছফ্টৱেৰ কোম্পানীৰ ছ’ফ্টেৱেৰ ডেভেলপমেন্ট ইঞ্জিনিয়াৰ।

যিটো কোম্পানীত তেওঁ এদিন নিৰাপত্তাৰক্ষী হিচাপে কৰ্ম কৰিছিল, এদিন তেওঁ সেই কোম্পানীৰেই কাৰিকৰী বিষয়া হ’লগৈ। এই কাম কৰি দেখুৱালে অসমৰ এক সন্তানে।

যুৱক জনৰ নাম আব্দুল আলিম। ২০১৩ চনত পকেটত ১০০০ টকা লৈ তেওঁ চেন্নাইলৈ বুলি ওলাই গৈছিল জীৱিকা বিচাৰি। ৰে’লৰ টিকেটতে সেই টকাৰ ৮০০ টকা গ’ল। চেন্নাই পাওঁতে তেওঁৰ হাতত থাকিল মাত্ৰ ২০০ টকা।

চাকৰি পোৱাৰ আগত দুমাহ দিন তেওঁ পথৰ কাষত কটাইছিল শুই। পৰৱৰ্তী সময়ত জহ’ কৰ্পৰেশন (Zoho Corporation) নামৰ এক ছ’ফ্টৱেৰ নিৰ্মাণ কোম্পানীত লাভ কৰিলে নিৰাপত্তাৰক্ষীৰ চাকৰি।

তেনেকৈয়ে গৈ আছিল দিন। এদিন হঠাতে সেই কোম্পানীৰ এজন জ্যেষ্ঠ বিষয়াই তেওঁৰ শিক্ষাগত অৰ্হতা আৰু কম্পিউটাৰ জ্ঞানৰ বিষয়ে শুধিলে। তেতিয়া তেওঁ নিজৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে বিষয়াজনক জনালে আৰু স্কুলীয়া দিনত HTML ৰ কিছু কথা শিকিছিল বুলি জনায়।

তেতিয়া বিষয়াজনে তেওঁক আৰু যদি শিকিব মন আছে, শিকিব পাৰিব বুলি জনায় আৰু তেনেদৰেই তেওঁ পুনৰ শিকিবলৈ আৰম্ভ কৰে কম্পিউটাৰ।

১২ ঘণ্টাৰ নিজৰ নিৰাপত্তাৰ দায়িত্ব শেষ কৰি যুৱকজনে সদায় কম্পিউটাৰ শিকিবলৈ যায়। এনেদৰে শিকোঁতে শিকোঁতে ৮ মাহৰ পিছত তেওঁ এদিন এটা এপ নিৰ্মাণ কৰে। এপটো আকৰ্ষণীয় হয়। জ্যেষ্ঠ বিষয়া সকলে তেওঁৰ এপটো ভাল দেখি তেওঁলোকৰ কোম্পানীৰ প্ৰবন্ধকক দেখুৱায়।

প্ৰবন্ধকজনেও তেওঁক প্ৰশংসা কৰে আৰু যুৱকজনে যদি চাকৰিৰ বাবে সাক্ষাৎকাৰ দিব বিচাৰে তেন্তে তেওঁ যুৱকজনৰ সাক্ষাৎকাৰ ল’ব বিচাৰে বুলি জনালে। সেই কথা বিষয়াসকলে আব্দুলক জনালে। তেতিয়া তেওঁ ভাবিলে যে তেওঁৰ যিহেতু শিক্ষাগত অৰ্হতা কম। কলেজ পঢ়া নাই। মাত্ৰ দশম শ্ৰেণীলৈকেহে পঢ়িছে, গতিকে তেওঁ সাক্ষাৎকাৰ দিব নোৱাৰিব।

সেই কথা তেওঁ বিষয়াজনক জনালে। তেতিয়া বিষয়াজনে তেওঁক জনালে যে, জহ’ত শিক্ষা নিবিচাৰে, দক্ষতাহে বিচাৰে। সেইমতে যুৱকজনে সাক্ষাৎকাৰত বহিল আৰু সফলতা লাভ কৰিলে। বৰ্তমান তেওঁ কাৰিকৰী বিষয়া হিচাপে সেই কোম্পানীত কৰ্মৰত। ৮ বছৰ তেওঁ সেই কাৰ্যালয়ত সম্পূৰ্ণ কৰিলে।

এই সন্দৰ্ভত আলমে কয় যে, “মোৰ এই অৱস্থাৰ বাবে জ্যেষ্ঠ বিষয়া শিবু আলেষিছক ধন্যবাদ জনাও। জীৱনত শিকিবলৈ কেতিয়াও দেৰি নহয়।”

সঁচাকৈ ইয়েই প্ৰমাণ কৰিলে যে একাগ্ৰতা থাকিলে জীৱনত এদিন কোনোৱে সফলতা লাভ কৰিব পাৰিবই।

লগতে চাওকঃ

হঠাতে ‘মামা’ৰ কাষত উপস্থিত ডিম্পু বৰুৱা! ল’লে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ

আগ্নেয়গিৰিৰ পৰা লাভা নিৰ্গত হোৱাৰ অপূৰ্ব দৃশ্য বন্দী ড্ৰােন কেমেৰাত! ভাইৰেল ভিডিঅ’

দুখীয়াৰ ভগৱান চনু সুদলৈ ব্যক্তিগত খণ্ডৰ বিমান কােম্পানীৰ ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপন!

প্ৰবাসী অসমীয়া মহিলাই সাহিত্যৰ বাবে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠিত বঁটা