নিউজ ডেস্ক। ঘন অৰণ্যত চিকাৰ কৰিবলৈ গৈ নিজেই ‘চিকাৰ’ হ’ল এজন লােক। অৱশ্যে এই লােকজন কােনাে সাধাৰণ লােক নহয়, তেওঁ এজন আৰক্ষী কনিষ্টবল।
নিজৰ বন্ধুৱেই ভুলক্ৰমে একেলগে চিকাৰলৈ যােৱা কনিষ্টবল বন্ধুজনক বনৰীয়া জন্তু বুলি ভাবি গুলীয়াই দিয়ে।
ইয়াৰ ফলতে মৃত্যু ঘটে আৰক্ষী কনিষ্টবলজনৰ।

এক শোকাৱহ ঘটনাৰ স্থান অসমৰ প্ৰতিবেশী ৰাজ্য মিজােৰামৰ ৰাজধানী চহৰ আইজলৰ সমীপৱৰ্তী বনাঞ্চলত।
জানিব পৰা মতে, আইজল জিলাৰ অন্তৰ্গত আইবাক উন্নয়ন খণ্ডৰ এলেকাধীন চিয়ালচুক অৰণ্যত সংঘটিত হৈছে এই দুৰ্ঘটনা।
জানিব পৰা মতে, চিকাৰ কৰাৰ উদ্দেশ্যেৰেই আৰক্ষী কনিষ্টবল হিংথানচাংগাই নিজৰ বন্ধু বি. লালৰুয়াতকিমাৰ সৈতে মাৰণাস্ত্ৰ লৈ বনাঞ্চলত প্ৰৱেশ কৰিছিল।
তেনে অৱস্থাত দুৰ্ভাগ্যক্ৰমে বন্ধুজনৰ গুলীতে গুলীবিদ্ধ হৈ মৃত্যু হয় আৰক্ষী কনিষ্টবলজনৰ। নিহত কনিষ্টবলজনৰ ঘৰ আইজলৰ থিংগচুল লাংগনুৱামত বুলি জানিব পৰা গৈছে।
মঙলবাৰে সন্ধিয়া চিয়ালচুক আৰু চিয়ালামৰ অৰণ্যত চিকাৰ কৰিবলৈ গৈছিল দুই বন্ধুৱে।
নিহত জােৱানজনে তেওঁৰ পত্নী আৰু তিনিটা কণ-কণ ল’ৰা-ছোৱালীক এৰি থৈ গৈছে।