অসমীয়াৰাষ্ট্ৰীয়

চাৰ্জাৰীয়েই কাল হ’ল এইগৰাকী সুন্দৰী অভিনেত্ৰীৰ বাবে! দেখিলে বিশ্বাস নহ’ব আপোনাৰো

নিউজ ডেস্কঃ ধুনীয়া হোৱাৰ ইচ্ছা সকলোৰে থাকে। ধনাঢ্য সকলৰ বাবে ধুনীয়া হোৱাৰ অন্যতম এটা উপায় হৈছে প্লাষ্টিক চাৰ্জাৰী। নিজকে আৰু অধিক ধুনীয়া কৰাৰ লালসাত অভিনেতা-অভিনেত্ৰী বা আন চেলিব্ৰেটী সকলে প্লাষ্টিক চাৰ্জাৰীৰ আশ্ৰয় লয়। লাখ লাখ টকা খৰছ কৰি কোনোৱে যদি নিজৰ নাকটো ধুনীয়া কৰে, কোনোবাই আকৌ গালৰ মঙৰ কাটি নিজকে অনন্য ৰূপ প্ৰদান কৰে।

কিন্তু কেতিয়াবা এনে প্লাষ্টিক চাৰ্জাৰী হিতে বিপৰীতো হৈ পৰে। অধিক ধুনীয়া হোৱাৰ আকাংক্ষাত কৰা প্লাষ্টিক চাৰ্জাৰীয়ে জীৱন দুৰ্বিসহ কৰি তুলিছে বহুতৰে। ইয়াৰ উদাহৰণ বিচাৰে অনেক ওলাব। শেহতীয়াকৈ সেই তালিকাতে নাম অন্তৰ্ভূক্ত হ’ল ভাৰতৰ এগৰাকী সুন্দৰী অভিনেত্ৰীৰ।

image 176

অধিক ধুনীয়া হোৱাৰ ইচ্ছাৰে কৰা চাৰ্জাৰীৰ পিছত এতিয়া ঘৰৰ পৰাই ওলাব নোৱাৰা অৱস্থা হৈ পৰিছে এসময়ত মুখায়বৰে অগণন অনুৰাগীৰ মন জয় কৰা অভিনেত্ৰীগৰাকীৰ। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে মুখমণ্ডলৰ প্লাষ্টিক চাৰ্জাৰীৰ বিপৰীতে কৰিছিল কেৱল দাঁতৰহে চাৰ্জাৰী।

কিন্তু এই চাৰ্জাৰীৰ পিছতে অভিনেত্ৰীগৰাকীৰ মুখমণ্ডল অস্বাভাৱিকভাৱে ফুলি উঠে। এসমত সৰু-বৰ পৰ্দাৰ সুন্দৰী অভিনেত্ৰীগৰাকী চাওতে চাওতে দেখিবলৈ কুৰূপা হৈ পৰে। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ মুখমণ্ডলৰ কেইবাখনো আলোকচিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি দেখি স্তম্ভিত হৈ পৰিছে তেওঁৰ অসংখ্য অনুৰাগী আৰু নেটিজেন।

image 177

দাঁতৰ চাৰ্জাৰীৰ পিছত গোটেই মুখমণ্ডল বিকৃত হৈ পৰা অভিনেত্ৰীগৰাকী হৈছে কানাড়া অভিনেত্ৰী স্বাতী সতীশ। জানিব পৰা মতে, বাংগালুৰুৰ নিৱাসী স্বাতীয়ে তেওঁৰ দাঁতৰ ৰুট কেনেল কৰোৱাইছিল। ইয়াৰ পিছতে তেওঁৰ মুখমণ্ডল ফুলি উঠে।

চিকিৎসকে ২-৩ দিনৰ ভিতৰত তেওঁৰ মুখৰ ফুলা কমি যাব বুলি আশ্বাস প্ৰদান কৰিলেও এতিয়া চিকিৎসাৰ ৩ সপ্তাহ পিছতো একেই আছে তেওঁৰ চেহেৰা। বৰ্তমান স্বাতীৰ দুই ওঁঠ আৰু গাল ফুলি উঠি বিকৃত ৰূপ লৈছে। সমান্তৰালভাৱে যথেষ্ট বিষো অনুভৱ কৰি আছে অভিনেত্ৰীগৰাকীয়ে।

image 178

অভিনেত্ৰী স্বাতী সতীশৰ মুখৰ এনে অৱস্থাৰ বাবেই তেওঁ এতিয়া ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছে। তেওঁ নিয়মিত চিকিৎসা গ্ৰহণ কৰি আছে যদিও বৰ্তমানো সুস্থ হোৱা নাই।

স্বাতীয়ে তেওঁৰ চিকিৎসা কৰোৱা চিকিৎসকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে তেওঁক কেতিয়াও চিকিৎসা আৰু ঔষধৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰা হোৱা নাছিল। আনহাতে অভিনেত্ৰীগৰাকীক চিকিৎসকে এনাস্থেচিয়াৰ বিপৰীতে চেলিচিলিক এডিড দিয়াৰো অভিযোগ উত্থাপন হৈছে। ধুনীয়া হোৱাৰ ইচ্চাৰে অভিনেত্ৰীগৰাকীয়ে কৰা চাৰ্জাৰীৰ পিছত এতিয়া নিজেই মানসিকভাৱে ভাগি পৰিছে।

Related Articles

Back to top button