চাৰিওফালে পানী! উপায়বিহীন গয়াই আহ-যাহ কৰা পথৰ ওপৰতে কৰিলে মৃতদেহ সৎকাৰ…

চৌদিশে কেৱল পানী আৰু পানী…!

বাৰিষাৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে সমগ্ৰ অসমজুৰি। বানত বুৰ গৈছে সহস্ৰাধিক গাঁও।

বানৰ কবলত ককবকাইছে লাখ লাখ সাধাৰণ লোকে। প্ৰাণ হেৰুৱাইছে ডেৰশৰো অধিক লোকে।

চৌদিশ পানীয়ে বুৰাই পেলোৱাৰ পিছত বাসস্থান কিম্বা খা-খাদ্যৰ অভাৱেই নহয়, আপোনজনৰ মৃতদেহ সৎকাৰৰ বাবেও সমস্যাত পৰিছে বৰ্ন্যাত।

কিয়নো মৃতদেহ সৎকাৰ কৰিবলৈ কটোৱেই নাই ওখ স্থান। সমান্তৰালকৈ সৎকাৰ কৰিবলৈ কাঠ-বাঁহৰ অভাব।

কিন্তু আপোনজনক শেষ বিদায় নিদিয়াকৈ কেনেকে থাকে৷ প্ৰলয়ৰ মাজত ল’ব লগা হৈছে কঠোৰ সিদ্ধান্ত ৷

নগাঁৱৰ ফুলগুৰিত পানীত ডুবি বুধবাৰে মৃত্যু হ’ল নয়ন মণি ডেকা নামৰ যুবকজনৰ ৷ পশু খাদ্যৰ অভাবৰ বাবে নাঁৱত উঠি ঘাঁহ কাটিবলৈ যাঁওতে পৰি যায় দ’ খাৱৈত৷ নয়ৰ শেষ ৰক্ষা নহল৷

নয়নৰ মৃতদেহ উদ্ধাৰ হ’ল৷ আহিল সৎকাৰৰ কথা৷ চৌদিশে পানী৷ ক’ত কৰিব সৎকাৰ৷ অৱশেষত সিদ্ধান্ত লৈ ঘৰৰ কাষতে কৰা হ’ল সৎকাৰ৷

ইপিনে ৰহা দীঘলদৰি কাকতি গাঁৱত শেষ নিশ্বাস ত্যাগ কৰিলে টিকেন নাথে৷ বানৰ কবলত পৰা এলেকাটো সৎকাৰৰ বাবে এডখৰো ওখ স্থান। বৃদ্ধ নাথৰ মৃতদেহটি ক’ত কৰা হব সৎকাৰ৷

অৱশেষত গয়াৰ সিদ্ধান্ত মৰ্মে পথ হিচাপে ব্যৱহাৰ কৰা মথাউৰিৰ ওপৰতে কৰা হ’ল সৎকাৰ।