ৰন্ধন গেছৰ চিলিণ্ডাৰত চােৰাং সুৰা কঢ়িয়াইছিল দুৰ্ঘটনাত পতিত ট্ৰাকখনে
নিউজ ডেস্ক। এক অতি শােকাৱহ পথ দুৰ্ঘটনা।
আত্মীয়ত ৰে’ল ষ্টেচনত থৈ ঘৰলৈ ওভতাৰ পথত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ গ’ল আছাম ৰাইফলছৰ এগৰাকী প্ৰাক্তন জােৱানসহ পুত্ৰৰ।
জানিব পৰা মতে, শিলচৰৰ উত্তৰ কৃষ্ণপুৰৰ শিলচৰ-আইজল ঘাইপথত সংঘটিত হয় এই দুৰ্ঘযনা। চােৰাং সুৰা কঢ়িওৱা এল পি জি ভৰ্তি ট্ৰাকৰ সৈতে পিতা-পুত্ৰদ্বয় থকা অটোৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুয়ােজনৰ মৃত্যু হয়।

মৃত অৱসৰপ্ৰাপ্ত আছাম ৰাইফলছ জৱন কুঞ্জামণি সিনহা আৰু পুত্ৰ প্ৰবীণ সিনহা নাগদিৰগ্ৰামৰ সোণাই নিবাসী বুলি জানিব পৰা গৈছে।
প্ৰকাশিত বাতৰি অনুসৰি, কুঞ্জমণি সিনহা আৰু পুত্ৰ প্ৰবীণে নিজৰ অটোৰিক্সাত আত্মীয়ক শিলচৰ ৰেলৱে ষ্টেচনত থৈ ঘৰলৈ উভতি অহাৰ পথত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
তীব্ৰ বেগেৰে গৈ থকা এখন এল পি জি ভৰ্তি ট্ৰাকে তেওঁলোকৰ অটোৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ আছিল যে নিমিষতে পিতৃ-পুত্ৰ উভয়ৰে প্ৰাণ কাঢ়ি নিলে।
ইপিনে, দুৰ্ঘটনাত পিছতে ট্ৰাকখনৰ চালকজনে গাড়ীখন এৰি পলায়ন কৰে। স্থানীয় আৰক্ষীয়ে ট্ৰাকখনত এল পি জি চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই ৰখা মদৰ বটল প্ৰত্যক্ষ কৰি নিশ্চিত হয় যে ট্ৰাকখনে চােৰাং সুৰা সৰবৰাহ কৰিছিল।