চােৰাং বালি ভৰ্তি দুখন ডাম্পাৰৰ মুখামুখি সংঘর্ষ

নিউজ ডেস্ক। ৰাজ্যজুৰি একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ অহা মাজতে এইবাৰ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰত সংঘটিত হ’ল দুখন চােৰাং বালিভৰ্তি ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ।

জানিব পৰা মতে, বুধবাৰে পুৱাৰ ভাগত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি দুয়ােখন ডাম্পাৰৰ চালকৰ প্ৰাণ ৰক্ষা পৰে।

p3 2
চােৰাং বালি ভৰ্তি দুখন ডাম্পাৰৰ মুখামুখি সংঘর্ষ 3

কলগাছিয়াৰ পৰা AS15 AC 2027 নম্বৰৰ ডাম্পাৰ এখনে বামুণটাৰী অভিমুখে গৈ থকা অৱস্থাত আৰু বিপৰীত ফালৰ পৰা AS 26 C 7700 নম্বৰৰ কলগাছিয়া অভিমুখে গৈ থকা বালি ভৰ্তি ডাম্পাৰখনৰ লগত মুখামুখি সংঘর্ষ হয়।

এই দুৰ্ঘটনাত ডাম্পাৰ চালকৰ প্ৰাণ ৰক্ষা পৰে যদিও বালি ভৰ্তি ডাম্পাৰ দুখনৰ বিস্তৰ ক্ষতি সাধন হয়।

P2 6
চােৰাং বালি ভৰ্তি দুখন ডাম্পাৰৰ মুখামুখি সংঘর্ষ 4

স্থানীয় লােকে প্ৰকাশ কৰা অনুসৰি, দীৰ্ঘদিনৰ পৰা বৰপেটা ৰোড বন সংমণ্ডলৰ অন্তৰ্গত কাউৰজাহী, খাৰবাল্লী, আমগুৰি, শওপুৰ, বৰতাৰী, কালামপুৰ আদি চৰাঞ্চলৰ পৰা একাংশ বালি মাফিয়াই অবৈধভাৱে ডাম্পাৰেৰে বালিখনন কৰি সৰবৰাহ কৰি আহিছে।

এই সন্দৰ্ভত অভিযােগ পােৱাৰ পাছতাে প্রশাসন তথা চৰকাৰে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই।

Leave a Comment