চােৰাং গৰু বেপাৰীক আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ দি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

নিউজ ডেস্ক। চােৰাং গৰুৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তােলাৰ সময়তে এইবাৰ গ্ৰেপ্তাৰ হ’ল এগৰাকী নিলম্বিত গৃহৰক্ষী জােৱান।

চোৰাং গৰু ব‍্যৱসায়ীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত মানকাচাৰত গ্ৰেপ্তাৰ হ’ল গৃহৰক্ষী জোৱান নুৰ হুছেইন।

মানকাচাৰৰ ফুলেৰচৰত খাৰুৱাবান্ধা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হ’ল নুৰ হুছেইনক।

p4 4
চােৰাং গৰু বেপাৰীক আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ দি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান 3

জানিব পৰা মতে, দুমাহ পূৰ্বে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল।

অভিযােগ অনুসৰি, আৰক্ষীয়ে গৰুৰ চােৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ খবৰ আগতীয়াকৈ গৰুৰ চোৰাং ব‍্যৱসায়ীক দিছিল নুৰ হুছেইনে।

যোৱা ৯ জানুৱাৰীৰ নিশা নুৰ হুছেইনৰ এম এল ০৮ চি ৪১৬৪ নম্বৰৰ পিক আপ ভেনেৰে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰি থাকোতেই চাৰিটা গৰুৰ সৈতে বাহনখন জব্দ কৰিছিল আৰক্ষীয়ে।

দীৰ্ঘ সময়ৰ বাবে আত্মগোপন কৰি থকা গৃহৰক্ষী জোৱানজনক জিলা আৰক্ষীয়ে অধীক্ষকে নিলম্বন কৰিছিল।

ইয়াৰ পাছতে নিশা গোপন সূত্ৰৰ পম খেদি অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় খাৰুৱাবান্ধা আৰক্ষী।

লগতে চাওকঃ

প্ৰশিক্ষণৰ সময়তে প্ৰাণ ত্যাগ আৰক্ষী পিতৃৰ একমাত্ৰ সন্তান মনেশ্বৰৰ…

G1 19
চােৰাং গৰু বেপাৰীক আৰক্ষীৰ অভিযানৰ আগতীয়া খবৰ দি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান 4

Leave a Comment