fbpx
ৰাষ্ট্ৰীয়অসমীয়া

চােৰাংচােৱা! অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি পুনৰ নেপাললৈ ঘূৰি যােৱাৰ পথত আটক হ’ল দুই চীনা নাগৰিক

নিউজ ডেস্ক। দেওবাৰে বিহাৰৰ সীতামাঢ়ীৰ ইণ্ডো-নেপাল সীমান্তত দুজন চীনা নাগৰিক আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জেৰাৰ সময়ত দুয়োজনে সীতামাঢ়ী হৈ ভাৰতত প্ৰৱেশ কৰি এখন ব্যক্তিগত গাড়ীত দিল্লীলৈ যোৱাৰ কথা স্বীকাৰ কৰিছে।

১৫ দিন দিল্লীত ঘূৰি ফুৰাৰ পিছত তেওঁলোক নেপাললৈ উভতি যোৱাৰ সময়তে সীমান্তত টহল দি থকা এছ.এছ.বি. কৰ্মীসকলে দুয়োকে আটক কৰে।

G5 5

দুয়োজনকে চীনৰ উহানৰ হুবেই চিচেং ঝেংজি ঝেনহং চেংচুনৰ বাসিন্দা য়ুৱান হাইলোঞ্জ আৰু ৰেনহি ৰোড টংচানৰ বাসিন্দা লু লং বুলি চিনাক্ত কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা দুয়োজন চীনা নাগৰিকক এছএছবিয়ে সুৰচান্দ আৰক্ষী থানালৈ হস্তান্তৰ কৰিছে। তেওঁলোক বিত্তীয় জালিয়াতিৰ সৈতে জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে।

দুয়োজন যুৱকৰ পৰা নেপালৰ ভিছাৰ উপৰিও , এখন ক’লা কাপোৰ, দুটা মোবাইল, পাৱাৰ বেংক, বিভিন্ন কোম্পানীৰ আধা ডজন ভাৰতীয় চিম, ১০৩ ডলাৰ , ৫০০ টকা মূল্যৰ চাৰিখন ভাৰতীয় নোট , এটিএম কাৰ্ড, চিগাৰেট, ঔষধ আৰু ইকনমক ক্লাছৰ বৰ্ডিং পাছ উদ্ধাৰ কৰা হৈছে।

p4 2

যুৱক দুজনে আৰক্ষীৰ জেৰাত কয় যে তেওঁলোকে চীনৰ পৰা থাইলেণ্ড হৈ কাঠমাণ্ডু পাইছিল। তাৰ পৰা তেওঁ চাইকেলেৰে ভিথামোড় সীমান্তলৈ যাত্ৰা কৰি ভাৰতীয় ভূখণ্ডলৈ অহাৰ পিছত, এখন গাড়ী ভাড়ালৈ লয় আৰু ২৫ মে’ত নয়ডাৰ জে পি গ্ৰীণ নামৰ ঠাইত বন্ধু কেৰীৰ ওচৰলৈ গৈছিল।

তাত ১৫ দিন থকাৰ পিছত, তেওঁ গাড়ীৰে ভিথামোড় পাইছিল।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে দুয়োকে জেৰাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!