চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত কথমপি ৰক্ষা পৰিল বনৰীয়া হাতী আৰু পােৱালিৰ

April 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে।

বহু ক্ষেত্ৰত ৰে’ল বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰাও পৰিলক্ষিত নহয়। কিন্তু এইবাৰ এটা দৃশ্যই হৃদয় জিনিছে সকলোৰে।

দৃশ্যটো হ’ল বনাঞ্চলৰ মাজেৰে গৈ থকা ৰে’লে ৰেলপথত বনৰীয়া হাতী পাৰ হোৱা দেখি জৰুৰীভাৱে ৰখাই দিলে ৰে’ল। যাৰ বাবে ৰােধ হ’ল এক সম্ভাব্য দুৰ্ঘটনা।

চালকৰ এনে কাৰ্যক এতিয়া প্ৰশংসা কৰিছে সকলোৱে। দৃশ্যটো বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

দৃশ্যটোত দেখা অনুসৰি, 03248 আপ বিশেষ কেপিটেল এক্সপ্ৰেছখন গৈ আছিল গন্তব্য স্থানলৈ। ৰে’লখনৰ চালক আছিল ক্ৰমে এছ চি চৰকাৰ আৰু টি কুমাৰ।

তেনেতে তেওঁলোকে প্ৰত্যক্ষ কৰে কিছু দূৰত মাতৃ সহ কেইটামান হাতী পোৱালি ৰে’লপথটো পাৰ হৈছে। লগে লগে চালক দ্বয়ে জৰুৰী ব্ৰেক মাৰি নিৰ্দিষ্ট দূৰত ৰেলখন ৰখাই দিয়ে। আৰু যেতিয়া হাতী কেইটা পাৰ হৈ কিছু দূৰ যায়, তেতিয়া পুনৰ তেওঁলোকে যাত্ৰা আৰম্ভ কৰে।

এই সমগ্ৰ দৃশ্যটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ আলিপুৰদুৱাৰ ৰেল ষ্টেচন কৰ্তৃপক্ষই।

আৰু এই ঘটনাটো হয় ৰাজা ভক্ত খাৱা ষ্টেচন আৰু আলিপুৰদুৱাৰ ষ্টেচনৰ মাজৰ এখন বনাঞ্চলত।

বৰ্তমান এই দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে সকলোৱে প্ৰশংসা কৰিছে ৰেলখনৰ চালক দ্বয়ক।

লগতে চাওকঃ

১৫ ফুট গভীৰ কুঁৱাত আবদ্ধ হৈ পৰিল হাতী পোৱালি, উদ্ধাৰৰ বাবে চলিল তীব্ৰ অভিযান