fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! ATMৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই লুটি লৈ গ’ল কেইবা লক্ষাধিক টকা, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ এটিএমৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই লুটি লৈ গ’ল কেইবা লক্ষাধিক টকা।

এটিএমৰ চিচিটিভি কেমেৰাত বন্দী হৈ ৰ’ল এই লুট কাণ্ডৰ সমগ্ৰ দৃশ্য।

ৰাজস্থানৰ আজমেৰৰ ৰূপনগড় গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

ভিডিঅ’টোত দেখিবলৈ পোৱা মতে তিনি দুৰ্বৃত্তই প্ৰৱেশ কৰে এটিএমৰ ভিতৰত।

তাৰ পিছতে এটিএমটো ভাঙি দুৰ্বৃত্ত কেইজনে লুটি লৈ যায় নগদ ধন।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্বৃত্তৰ দলটোৱে এটিএমটোৰ পৰা ৮ লাখ টকা লুটি লৈ যায়।

অন্যহাতে একে নিশাই আৰিয়ন গাঁৱৰো এটা এটিএমত এনে লুটপাতৰ ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুৰ্বৃত্তৰ দলটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকো কাকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!