নিউজ ডেস্কঃ ভাৰতীয় ষ্টেট বেংকৰ এটিএমৰ পৰা ফটা-ছিগা, পোৰা নোট ওলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰপেটা জিল্লাৰ ভেল্লাত।
ভেল্লাস্থিত ষ্টেট বেংকৰ এটিএমটোৰ পৰা টকা উলিয়াই এতিয়া বিপাঙত পৰিছে কেইবাগৰাকীও গ্ৰাহক।
কেইবাগৰাকীও গ্ৰাহকৰ অভিযোগ অনুসৰি এটিএমটোৰ পৰা ওলাইছে ১০ হাজাৰ টকা পৰ্যন্ত ফটা-ছিগা, জোৰা দিয়া আৰু জুইয়ে পোৰা নোট।
এই ঘটনাকলৈ এটিএম গ্ৰাহকৰ মাজতত হাহাকাৰৰ সৃষ্টি হৈছে।
ঘটনাৰ উপযুক্ত তদন্ত আৰম্ভ কৰিবলৈ ঊৰ্ধতম কৰ্তৃপক্ষক আহ্বান ভুক্তভোগী গ্ৰাহকৰ।
উল্লেখ্য যে প্ৰায় ২০ খনৰো অধিক গাঁৱৰ বাবে ভেল্লাস্থিত এই এচ বি আইৰ এটিএমটোৱেই হৈছে একমাত্ৰ এটিএম।
পূৰ্বেও এই এটিএমটোৰ পৰা নকল টকা ওলোৱাৰ অভিযোগ এটিএম গ্ৰাহকৰ।