নিউজ ডেস্কঃ নেপালৰ ৰাজপথত দৌৰাই দৌৰাই গুলীয়াই হত্যা কৰা হ’ল এজন পাকিস্তানী আইএছআই এজেণ্টক। ভাৰতলৈ নকল নোট সৰবৰাহৰ অন্যতম অভিযুক্ত পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ এজেণ্ট লাল মহম্মদ ওৰফে মহম্মদ দৰ্জীক ৰাজপথত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।
জানিব পৰা মতে, কাঠমাণ্ডুৰ কাগেশ্বৰী মনোহাৰা পৌৰসভাৰ গোথাৰ অঞ্চলত সংঘটিত হয় লাল মহম্মদৰ হত্যাকাণ্ড। বাতৰি অনুসৰি, তেওঁ গাড়ীৰে নিজৰ ঘৰত উপস্থিত হোৱাৰ সময়তে অজ্ঞাত দুৰ্বৃত্তই তেওঁৰ মূৰ, পেট আৰু বুকুত গুলীচালনা কৰে।

চিচিটিভিৰ ফুটেজ অনুসৰি মটৰ চাইকেলেৰে অহা দুজন অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰি পলায়ন কৰে। লাল মহম্মদে গুলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁক মহাৰাজাগঞ্জ হাস্পতাললৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, লাল মহম্মদক বচাবলৈ তেওঁৰ কন্যাই ছাদৰ পৰা জপিয়াইছিল যদিও পিতৃৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হয়। পাক চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত লাল মহম্মদে পাকিস্তান আৰু বাংলাদেশৰ পৰা নেপালৰ জৰিয়তে ভাৰতলৈ ভাৰতীয় জাল নোট প্ৰেৰণ কৰিছিল।
আই এছ আইৰ এজেণ্ট হোৱাৰ উপৰিও লাল মহম্মদ ডাউদ ইব্ৰাহিমৰ গেঙৰ সৈতেও জড়িত। পাক চোৰাংচোৱা সংস্থাই ভাৰতত জাল নোটৰ লগতে লাল মহম্মদক তেওঁৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সহায়ক হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ পূৰ্বে নেপালৰ আন আই এছ আই এজেণ্টসকলক আশ্ৰয় প্ৰদান কৰিছিল আৰু তেওঁলোকক সকলো ধৰণৰ সম্পদ যোগান ধৰিছিল।
Silent Action..!!
— Abhishek Dwivedi / अभिषेक द्विवेदी 🇮🇳 (@Dubeyjilive) September 22, 2022
An ISI agent Laal Mohammad who was the biggest supplier of fake currencies in India was shot dead by unidentified men in Nepal's #Kathmandu. pic.twitter.com/e4CbdvNzqu
ইয়াৰ পূৰ্বে ২০০৭ চনত কাঠমাণ্ডুৰ অনমনগৰত জাল নোটৰ ব্যৱসায়ী পাটুৱাক হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডত নেপাল আৰক্ষীয়ে লাল মহম্মদকে ধৰি নেপালৰ ডি কোম্পানীৰ মুন্না খান ওৰফে ইলতাফ হুছেইন আনছাৰীক গ্ৰেপ্তাৰ কৰিছিল। দুয়োজন অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হৈছিল।
২০১৭ চনৰ জুলাই মাহত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিল লাল মহম্মদে। ইয়াৰ পিছত তেওঁ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। গেং ৱাৰৰ বাবেই তেওঁক হত্যা কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে।