চাঞ্চল্যকৰ! ৰহস্যজনকভাৱে উদ্ধাৰ আৰক্ষী বিষয়াৰ মৃতদেহ, পৰিয়ালৰ দাবী- এয়া এক হত্যাকাণ্ড…

নিউজ ডেস্কঃ সাগৰ তীৰত ৰহস্যজনক অৱস্থাত এগৰাকী আৰক্ষী বিষয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

সোমবাৰে পুৱা কেৰালাৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিচিল আলাপ্পুঝা বীচত উদ্ধাৰ হয় আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ।

নিহত আৰক্ষী বিষয়াগৰাকীৰ পৰিচয় ফেবি গুনজালভেজ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, আলাপ্পুঝাৰ কাঞ্জিৰামচিৰাৰ নিৱাসী ফেবি গুনজালভেজ এ আৰ কেম্পত সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্তব্যৰত আছিল।

image 69
চাঞ্চল্যকৰ! ৰহস্যজনকভাৱে উদ্ধাৰ আৰক্ষী বিষয়াৰ মৃতদেহ, পৰিয়ালৰ দাবী- এয়া এক হত্যাকাণ্ড… 2

দেওবাৰে সন্ধিয়া তেওঁ কৰ্তব্য সম্পাদন কৰি ওলাই অহাৰ পিছৰে সন্ধানহীন হৈ আছিল।

তাৰ পিছতে পুৱা প্ৰায় ৮.৩০ বজাত আলপ্পুঝাৰ সাগৰ তীৰত ৰহস্যজনকভাৱে উদ্ধাৰ হয় আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিলেও পৰিয়াল আৰু আন একাংশই এয়া পৰিকল্পতি হত্যাকাণ্ড বুলি দাবী কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।