অসম

চাঞ্চল্যকৰ! ৰহস্যজনকভাৱে সন্ধানহীন মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিষয়া মনোহৰ চৌধুৰী…

এক চাঞ্চল্যকৰ ঘটনা।

ৰহস্যজনকভাৱে সন্ধানহীন মাইক্ৰ’ফাইনেন্স কোম্পানীৰ এগৰাকী বিষয়া।

ডিব্ৰুগড়ৰ মৰাণত ৰহস্যজনকভাৱে সন্ধানহীন মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিষয়া মনোহৰ চৌধুৰী।

যোৱা ৮ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে বিষয়াজন।

সন্ধানহীন বিষয়াজন মৰাণ নতুন নগৰৰ সোণালী পথত থকা অন্নপূৰ্ণ ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ডেভলেপমেণ্ট বিষয়া।

ঘটনা অনুসৰি দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ইদুৰ ইছুল হক চৌধুৰীৰ পুত্ৰ মনোহৰ চৌধুৰীয়ে ৮ অক্টোবৰৰ নিশা নিজৰ দায়িত্ব সামৰি নিজৰ ৰূমত জিৰণী ল’বলৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ পৰে।

নিজৰ ৰূমত নিজৰ ম’বাইল এৰি যোৱা বুলি জানিবলৈ দিয়ে সহকৰ্মীয়ে।

ইপিনে সন্ধিয়া অকলশৰে ৰূমৰ পৰা ওলাই যোৱা দৃশ্য বন্দী হৈছে চিচি টিভি কেমেৰাত।

বিষয়াজনৰ কোনো ধৰণৰ সন্ধান লাভ নকৰাত সোমবাৰে মৰাণ থানাত এখন এজাহাৰ দাখিল কৰিছে বিষয়াজনৰ পৰিয়ালসহ বিষয়া কৰ্মীসকলে।

জানিব পৰামতে, কেইদিনমান পূৰ্বে দেউতাকৰ পৰা মনোহৰ চৌধুৰীয়ে ৫০ লাখ টকা লৈছিল।

কি কাৰণত ইমান টকা দেউতাকৰ পৰা লৈছিল মনোহৰে সেই কথাও জ্ঞাত নহয় পৰিয়ালৰ তথা সকৰ্মীসকলে।

এনেকৈ হঠাৎ বিষয়াজন সন্ধানহীন হোৱা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে মৰাণ আৰক্ষীয়ে বিষয়াজনৰ ম’বাইল ফোনৰ লগতে আন বহুকেইটা সামগ্ৰী তদন্তৰ খাটিৰত জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button