নিউজ ডেস্কঃ দিল্লী আৰক্ষীৰ বিশেষ কোষৰ অভিযানত জব্দ কণ্টেইনাৰ ভৰ্তি ড্ৰাগছ। দিল্লী আৰক্ষীৰ বিশেষ কোষে বুধবাৰে অভিযান চলাই মুম্বাইৰ এটা বন্দৰৰ পৰা জব্দ কৰে ২০ টনতকৈও অধিক ওজনৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য ১৭২৫ কোটি টকা হব বুলি অনুমান কৰা হৈছে।
লাভ কৰা তথ্য অনুসৰি, বুধবাৰে দিল্লী আৰক্ষীৰ বিশেষ কোষে মুম্বাইৰ নভা শ্বেভা বন্দৰত অভিযান চলাই এটা কণ্টেইনাৰত লুকুৱাই ৰখা অৱস্থাত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়। দিল্লী আৰক্ষীয়ে এতিয়ালৈকে এয়াই সৰ্বাধিক ওজনৰ ড্ৰাগছ একেলগে জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে এগৰাকী জ্যেষ্ঠ বিষয়াই।
জানিব পৰা মতে, দিল্লী আৰক্ষীৰ বিশেষ কোষে বিগত সময়ছোৱাত বিপুল পৰিমাণৰ ড্ৰাগছসহ দুজন আফগানক আটক কৰিছিল। তেতিয়া দিল্লী আৰক্ষীয়ে জব্দ কৰিছিল ১২০০ কোটি টকাৰ ড্ৰাগছ। আজি মুম্বাইত ধৰা পৰা ১৭২৫ কোটি টকাৰ ড্ৰাগছৰ ষ্ট্ৰিংও এই গোচৰৰ সৈতে জড়িত হোৱা দেখা গৈছে। সোধা-পোছাৰ সময়ত আফগান নাগৰিকে প্ৰকাশ কৰিছিল যে মুম্বাই বন্দৰত থকা এটা কণ্টেইনাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ লুকুৱাই ৰখা হৈছিল।
In one of the biggest seizures of Heroin, a container having 22 tonnes approx of Licorice coated with Heroin was seized from a container at Nava Sheva Port, Mumbai. The value of the Heroin seized is Rs 1,725 Crores in the international market: Delhi Police Special Cell pic.twitter.com/kJaLA2CDYL
— ANI (@ANI) September 21, 2022
এই তথ্যৰ ভিত্তিতে দিল্লী আৰক্ষীয়ে অভিযান চলাই মুম্বাইৰ নভা শ্বেৰা বন্দৰৰ পৰা ১৭২৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই হেৰ’ইনৰ দ্ৰৱ তৈয়াৰ কৰি লিকুৰাইচৰ ওপৰত ঢালি দিয়া হৈছিল। জানিব পৰা গৈছে যে প্ৰায় ২০ টন হেৰ’ইন আৱৰণযুক্ত লিকুৰাইচ উদ্ধাৰ কৰা হৈছে।
অন্যহাতে ইয়াৰ পূৰ্বে কালিন্দি কুঞ্জ অঞ্চলৰ পৰা দিল্লী আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা আফগান নাগৰিক দুজনৰ বিৰুদ্ধে ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। সমান্তৰালভাৱে বুধবাৰে মুম্বাইত জব্দকৃত ড্ৰাগছখিনি ভাৰতলৈ সৰবৰাহৰ সৈতে আন কোন কোন জড়িত আছে, সেই ৰহস্য ফাদিল কৰিবলৈও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।