fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! ২৪ বছৰ পূৰ্বে দুগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পীলৈ শিলগুটি দলিওৱাৰ অভিযোগত গ্ৰেপ্তাৰ অভিযুক্তক…

নিউজ ডেস্কঃ ২৪ বছৰ পূৰ্বে দুগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পীলৈ লক্ষ্য কৰি শিলগুটি দলিওৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল এজন অভিযুক্তক।

দেওবাৰে কেৰালাৰ নাডাক্কাভু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেইপুৰৰ নিৱাসী এন ভি আজিজ নামৰ ৫৬ বৰ্ষীয় অভিযুক্তজনক।

অভিযোগ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল ১৯৯৯ চনৰ ৭ ফেব্ৰুৱাৰীত।

কেৰালাৰ কোঝিকোড সমুদ্ৰ তীৰত অনুষ্ঠিত মালাবাৰ উৎসৱত সংগীত পৰিৱেশন কৰা প্ৰসিদ্ধ কণ্ঠশিল্পী কে জে য়েছুদাস আৰু কে এছ চিত্ৰাৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল এন ভি আজিজ নামৰ ব্যক্তিজনে।

এই গোচৰৰ তদন্ত কৰিছিল তেতিয়াৰ নাডাক্কাভু চি আই কে শ্ৰীনিবাসনে।

কোঝিকোড ন্যায়িক প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ আদালতেও এই গোচৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

সেই সময়ত আজিজক আদালতত হাজিৰ কৰোৱা হয় যদিও জামিনত পুনৰ মুকলি হৈ আহে অভিযুক্তজন।

কিন্তু গোচৰৰ তদন্ত পুনৰ এবাৰ চলাই ঘটনাৰ ২৪ বছৰ পিছত মালাপ্পুৰমৰ বাসগৃহৰ পৰা পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত এন ভি আজিজক।

নাডাক্কাভু পৰিদৰ্শক পি কে জিজীছৰ নেতৃত্বত চিপিঅ’ এম ভি শ্ৰীকান্ত, চি হৰিশ কুমাৰ, পি কে বাইজু, পি এম লেনেশকে ধৰি আৰক্ষীৰ এটা দলে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!