fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! হাতৰ পৰা কাঢ়ি নি গাড়ীৰ ছাবি দলিয়ালে বান্দৰে, বুটলি আনিবলৈ যাওতেই ঘটিল এই অঘটন…

নিউজ ডেস্কঃ বান্দৰে হাতৰ পৰা কাঢ়ি নি পেলাই দিয়া ছাবি বুটলি আনিবলৈ যাওতেই ভৰি পিছলি ৫০ ফুট তলত পৰিল এজন ব্যক্তিৰ।

এই ঘটনা সংঘটিত হয় কেৰালাৰ ৱায়ানাড জিলাৰ থামাৰাছেৰী ঘাটৰ ভিউ পইণ্টত।

এই ঘটনাত আহত লোকজনক মাল্লাপ্পুৰমৰ নিৱাসী আয়ামু (৪০) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, আয়ামুৱে শনিবাৰে সন্ধিয়া ৫.৪৫ বজাত ভিউ পইণ্টত থিয় হৈ থাকোতেই এটা বান্দৰে হঠাৎ তেওঁৰ হাতৰ পৰা গাড়ীৰ ছাবিপাত কাঢ়ি লৈ যায়।

তাৰ পিছতে বান্দৰটোৱে পেলাই দিয়া ছাবিপাত ভিউ পইণ্টৰ ৰেলিং পাৰ হৈ বুটলি আনিবলৈ যায় লোকজনে।

কিন্তু ছাবিটো লৈ তেওঁ উঠি আহিব খোজতেই ভৰি পিচলি ৫০ ফুট তলত বাগৰি পৰে। অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে আয়ামুৰ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ভৰি আৰু ডিঙিত আঘাতপ্ৰাপ্ত লোকজনক উদ্ধাৰ কৰা হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button