চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনা কেব চালক খগেন দাসক ১০হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ

কেব চালক খগেন দাসক ১০হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ৷

মহানগৰীত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আনিছিল খগেন দাসে৷

উল্লেখ্য যে, হিতেশ দাস নামৰ এজন লোকে ভাড়া কৰিছিল খগেন দাসৰ কেব৷

কেব বুক কৰি মৃতদেহ পেলোৱা হৈছিল কমলপুৰত৷

এই সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল কেব চালকগৰাকী৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল খগেন দাসে৷

ইতিমধ্যে আটক কৰা হৈছে অভিযুক্ত ৰিক্সাচালক হিতেশ দাসক৷

ৰুক্মিণীগাঁৱত ভাৰাতীয়া হিচাপে আছিল নলবাৰীৰ নীলপুৰৰ হিতেশ দাস৷

এটা বেগত লৈ যোৱা হৈছিল মৃতদেহ৷

খগেন দাসৰ পুৰণি বন্ধু আছিল হিতেশ দাস।