চাঞ্চল্যকৰ! হঠাৎ ৭০ ফুট দ গাঁতত সোমাই পৰিল এটা বাসগৃহ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ যেন বসুমতীয়ে মুখ মেলি গোগ্ৰাসে গিলি পেলালে এটা ঘৰ! মুহূৰ্তৰ ভিতৰতে ৭০ ফুট দ গাতত সোমাই পৰে ঘৰটো। এই চাঞ্চল্যকৰ ঘটনাৰ এটি ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ঘটনাটো মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ ঘুগুছ গাঁৱত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, চন্দ্ৰপুৰৰ ঘুগুছ গাঁৱৰ এটা আৱাসিক ঘৰ হঠাতে প্ৰায় ৭০ ফুট ওখ গাতত সোমাই পৰে। জানিব পৰা মতে, এই গাঁওখনৰ আমৰাই ৱাৰ্ডৰ সীমাৰেই বৈ গৈছে ৱাৰ্ধা নদী। আনহাতে গাঁওখনৰ চৌদিশে আছে কেইবাটাও কয়লা খনিও।

বিশেষজ্ঞসকলে এই ঘটনাৰ কাৰণ বিচাৰি চলোৱা অনুসন্ধানৰ প্ৰাথমিক তথ্য অনুসৰি অঞ্চলটোৰ ভৌগোলিক অৱস্থানৰ বাবে মাটিৰ তলৰ কয়লা খনিত গহ্বৰ আৰু বানপানীৰ সৃষ্টি হোৱাৰ ফলত গাঁতৰ সৃষ্টি হয় এই ঘৰটো মাটিৰ তলত সোমাই যায়।

image 191
চাঞ্চল্যকৰ! হঠাৎ ৭০ ফুট দ গাঁতত সোমাই পৰিল এটা বাসগৃহ, ভাইৰেল ভিডিঅ’ 2

এই ঘটনাৰ পিছত অঞ্চলটোৰ পঞ্চাশৰো অধিক পৰিয়ালক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। ৱেষ্টাৰ্ণ ক’ৱেল ফিল্ডছ লিমিটেড এডমিনিষ্ট্ৰেচন, আৰক্ষী আৰু স্থানীয় সংস্থাসমূহে বৰ্তমান অঞ্চলটো পৰ্যবেক্ষণ কৰি আছে। এই ঘটনাৰ পাছত ভূতাত্ত্বিক বিশেষজ্ঞ আৰু কয়লা খনিৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ প্ৰকৃত পৰিস্থিতিৰ বিষয়ে অধ্যয়ন কৰি আছে।

জানিব পৰা মতে, মাটিত পোত যোৱা ঘৰটো হৈছে গাঁওখনৰ নিৱাসী গজনন মাদাৱী নামৰ এজন ব্যক্তিৰ। প্ৰথম অৱস্থাত ঘৰত হঠাতে হোৱা কম্পনৰ পিছত আতংকিত হৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছিল মাদাৱীৰ পৰিয়াল। যাৰ ফলত এই দুৰ্ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱাৰ পৰা ৰক্ষা পৰে।

এই ঘটনাৰ পিছত অঞ্চলটোত চাঞ্চল্য বিয়পি পৰে। ঘৰটো ক্ৰমান্বয়ে মাটিত পোত যোৱাৰ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে, চৰকাৰী কয়লা কোম্পানী ৱেষ্টাৰ্ণ ক’ৱেল ফিল্ডছ লিমিটেডে অঞ্চলটোত চলাই অহা কয়লা খননৰ ফলত পূৰ্বেও কেইবাটাও বাসগৃহ এনেদৰে মাটিত সোমাই পৰিছিল যদিও ৭০ ফুট দ গাতত সোমাই যোৱা ঘটনা এয়াই প্ৰথম।

স্থানীয় বিধায়ক কিশোৰ জৰ্গেৱাৰে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আনহাতে জিলা প্ৰশাসনকো সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।