চাঞ্চল্যকৰ! সুৰাসক্ত হৈ হোষ্টেলৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা লম্পট চকীদাৰৰ, ১০ গৰাকী ছাত্ৰীৰ এজাহাৰ…

নিউজ ডেস্কঃ সুৰাসক্ত হৈ হোষ্টেলত ছাত্ৰীৰ কোঠাত প্ৰৱেশৰ চেষ্টা চলোৱা বুলি এজন চকীদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ডুমডুমাৰ বৰহাপজান ছাত্ৰী নিৱাসত।

লম্পট চকীদাৰজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ছাত্ৰী নিৱাসৰ ১০ গৰাকী ছাত্ৰীয়ে।

অভিযোগ অনুসৰি, লম্পট চকীদাৰ আনন্দ বুঢ়াগোঁহাইয়ে দীৰ্ঘদিনৰ পৰা ছাত্ৰী নিৱাসটোৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলাই আহিছিল।

image 28
চাঞ্চল্যকৰ! সুৰাসক্ত হৈ হোষ্টেলৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা লম্পট চকীদাৰৰ, ১০ গৰাকী ছাত্ৰীৰ এজাহাৰ… 2

সুৰাপান কৰি প্ৰায়ে ছাত্ৰীৰ কোঠাত প্ৰৱেশৰ চেষ্টা চলাই আহিছিল আনন্দ বুঢ়াগোঁহাইয়ে।

হোষ্টেলৰ ভিতৰত প্ৰতিদিনাই ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলাই অহা লম্পট চকীদাৰজনৰ আচৰণত অতীষ্ঠ হৈ অৱশেষত এজাহাৰ দাখিল কৰে ১০ গৰাকী ছাত্ৰীয়ে।

এই ঘটনাই এতিয়া সমগ্ৰ ডুমডুমাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।