নিউজ ডেস্কঃ সম্পত্তি দখলৰ বাবে ষড়যন্ত্ৰমূলকভাৱে নিজৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।
গাজিয়াবাদ আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত শনিবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
দিল্লী মহিলা আয়োগে জনোৱা মতে, মহিলাগৰাকীয়ে গাজিয়াবাদত তেওঁক ৫ জন লোকে অপহৰণ কৰি দুদিন ধৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

ধৰ্ষণকাৰীয়ে তেওঁক অকথ্য শাৰীৰিক অত্যাচাৰ চলাই হাতে-ভৰিয়ে বান্ধি বস্তাৰ ভিতৰত ভৰাই পথৰ দাঁতিত পেলাই থৈ যোৱা বুলিও দাবী কৰিছিল মহিলাগৰাকীয়ে।
কিন্তু গাজিয়াবাদ আৰক্ষীয়ে দাবী কৰা মতে, মহিলাগৰাকীয়ে সম্পত্তি দখলৰ স্বাৰ্থত ষড়যন্ত্ৰমূলকভাৱে এই ধৰ্ষণৰ কাহিনী ৰচনা কৰিছিল।
আৰক্ষীয়ে দাবী কৰা মতে, সম্পত্তিক লৈ অভিযুক্ত আৰু মহিলাগৰাকীৰ মাজত বিবাদ হোৱাৰ পিছতে মহিলাগৰাকীয়ে ষড়যন্ত্ৰমূলকভাৱে অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে।

ৰাষ্ট্ৰীয় মহিলা আয়োগেও কৈছে যে মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকে পৰস্পৰ বিৰোধী বক্তব্য আগবঢ়াইছে।
আৰক্ষী বিষয়া (চিটি-দ্বিতীয়) আলোক ডুবেয়ে কয় যে মহিলাগৰাকী আৰু তেওঁৰ সহযোগী-আজাদ, আফজল আৰু গৌৰৱৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে।
উল্লেখ্য যে, মহিলাগৰাকীয়ে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ৫ জনৰ ভিতৰত ৪ জনক আটক কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান চলাই এই সমগ্ৰ অভিযোগ ভুৱা বুলি নিশ্চিত কৰে।