fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! সময়মতে ৰে’ল ধৰিব নোৱাৰি ভুৱা বোমাতংকৰ সৃষ্টি যাত্ৰীৰ, অৱশেষত গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ সময়মতে ট্ৰেন ধৰিব নোৱাৰি ট্ৰেনৰ ভিতৰত ভুৱা বোমাতংক সৃষ্টি কৰি গ্ৰেপ্তাৰ হ’ল এজন যাত্ৰী।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তিৰুৱান্তপুৰম-নিজামুদ্দিন ৰাজধানী এক্সপ্ৰেছত।

অভিযুক্ত যাত্ৰীজনক পঞ্জাৱৰ নিৱাসী জয়সিং ৰাথোৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, মাৰ্বলৰ ব্যৱসায়ৰ সৈতে জড়িত জয়সিং ৰাথোৰে ব্যৱসায়িক কাৰণত কেৰেলালৈ আহিছিল।

বৃহস্পতিবাৰে তেওঁ এৰ্নাকুলামৰ পৰা ৰাজধানী এক্সপ্ৰেছত টিকট বুকিং কৰিছিল।

কিন্তু তেওঁ ট্ৰেইনখন মিছ কৰাত থ্ৰিছুৰ কণ্ট্ৰ’ল ৰুমলৈ ফোন কৰি ৰে’লৰ ভিতৰত বোমা থকা বুলি কয় আৰু এৰ্নাকুলামৰ পৰা থ্ৰিছুৰ ষ্টেচনত ৰে’লখন ধৰাৰ চেষ্টা চলায়।

কিন্তু ৰে’লখন থ্ৰিছুৰৰ পৰিৱৰ্তে শোৰানুৰ ষ্টেচনত ৰখাই ৰে’লৰ ভিতৰত তালাচী চলায় ৰে’ল আৰক্ষীয়ে।

এই কথা জানিব পাৰি জয়সিং ৰাথোৰে পুনৰ থ্ৰিছুৰৰ পৰা অটো ভাড়া কৰি শোৰানুৰ ষ্টেছনত উপস্থিত হয়।

ৰাজধানী এক্সপ্ৰেছত তালাচী চলি থকাৰ সময়তে ৰে’লত উঠে ৰাথোৰে।

কিন্তু যাত্ৰীজনৰ ওপৰত ৰে’ল সুৰক্ষা বাহিনীৰ সন্দেহ হোৱাত সোধা-পোছা আৰম্ভ কৰে।

এই সোধাপোছাতে ৰে’ল আৰক্ষীয়ে জানিব পাৰে যে ৰাথোৰে এৰ্নাকুলামতে ৰে’লত উঠিব লাগিছিল যদিও তাৰ পৰিৱৰ্তে শোৰানুৰতহে তেওঁ ৰে’লত উঠে।

ইয়াৰ পিছতে ৰাথোৰক জেৰা চলোৱাত অৱশেষত তেওঁ ভুৱা বোমাতংকৰ সৃষ্টি কৰাৰ কথা স্বীকাৰ কৰে।

বৰ্তমান ৰে’ল আৰক্ষীয়ে অধিক জেৰা অব্যাহত ৰাখিছে অভিযুক্তজনক।

ইফালে এই সমগ্ৰ ঘটনাৰ বাবে ৰাজধানী এক্সপ্ৰেছ ৩ ঘণ্টা পলমকৈ শোৰানুৰ ষ্টেচনৰ পৰা ৰাওনা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!