চাঞ্চল্যকৰ! শহুৰৰ ঘৰৰ পৰা পত্নী নহাৰ বাবেই ক্ষুব্ধ হৈ ভয়ংকৰ পথ বাচি ল’লে এজন যুৱকে…

নিউজ ডেস্কঃ মাতৃগৃহৰ পৰা পত্নী নিজৰ লগত নহাৰ বাবেই ক্ষুব্ধ হৈ আত্মহত্যা কৰিলে এজন যুৱকে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ওৰেয়া জিলাত।

দেওবাৰে সন্ধিয়া নিজৰ কোঠাৰ ভিতৰত বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰে ৰাজা শুক্লা নামৰ ২৭ বৰ্ষীয় যুৱকজনে।

ইফালে আত্মহত্যাৰ পূৰ্বে যুৱকজনে প্ৰস্তুত কৰি যোৱা এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

জানিব পৰা মতে, ওৰেয়া জিলাৰ আটছু-বেলাপুৰ পথৰ শ্যামনগৰ নিৱাসী ৰবীন্দ্ৰ শুক্লাৰ তিনি পুত্ৰৰ কনিষ্ঠ আছিল ৰাজা শুক্লা।

তিনি ভাতৃয়ে বদৌন জিলা আমৰৌলিৰ একেখন ঘৰতে বিয়া কৰাইছিল।

কিছুদিন পূৰ্বে তেওঁলোকৰ শহুৰ সৰনাম সিঙৰ বিয়োগ ঘটাত পত্নী আৰু ভাতৃসহিতে শহুৰৰ ঘৰলৈ গৈছিল ৰাজা শুক্লাও।

তাতেই তেওঁ পত্নী আৰু কণমানি কন্যাক থৈ আহিছিল।

পিছত শহুৰৰ ১৩ দিনীয়া সকামৰ দিনা ৰাজাই পুনৰ শহুৰেকৰ ঘৰলৈ যায় আৰু সকাম শেষ হোৱাৰ পিছত পত্নী অন্নু আৰু কন্যাক লগত লৈ আনিব বিচাৰে।

কিন্তু সেই সময়ত পত্নীৰ মোমায়েক আৰু শহুৰৰ পৰিয়ালে পত্নী আৰু কন্যাক তাতেই ৰখাই থব বিচাৰে।

অন্যহাতে ৰাজাই ইয়াৰ বিৰোধিতা কৰাত তেওঁক আৰু ভাতৃ দুজনক শহুৰৰ পৰিয়ালে মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে ঘৰলৈ ঘূৰি আহি দেওবাৰে সন্ধিয়া নিজৰ কোঠাৰ ভিতৰত গুলীয়াই আত্মহত্যা কৰে ৰাজা শুক্লাই।

মৃত্যুৰ পূৰ্বে যুৱকজনে বনোৱা ভিডিঅ’টোত তেওঁৰ আত্মহত্যাৰ বাবে পত্নীৰ মোমায়েকসহ ৫ জনক জগৰীয়া কৰি থৈ গৈছে।

আৰক্ষীয়ে ইতিমধ্যে এই ভিডিঅ’টোৰ আধাৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

যুৱকজনৰ আত্মহত্যাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।