এক চাঞ্চল্যকৰ ঘটনা।
যাত্ৰীৰ বাবে অপেক্ষা কৰি থাকোঁতেই টেম্প’ৰ ভিতৰতে আকস্মিক মৃত্যু এগৰাকী চালকৰ।
হাজো থানাৰ সমীপৰ পোৱামক্কা দৰগাহৰ মূল তোৰণৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
মৃত টেম্প’খনৰ চালকজন হাজো থানাৰ অন্তৰ্গত আধিয়াপাৰাৰ মুজিবৰ ৰহমানৰ (৪০) বুলি জানিব পৰা গৈছে।
স্থানীয় লোকৰ পৰা জানিব মতে, চালকসহ টেম্প’খন পোৱামকা দগাহৰ মূল তোৰণৰ সমীপৱৰ্তী পথৰ দাঁতিত ৰৈ আছিল। টেম্প’সহিতে লোকজন টেম্প’ৰ ভিতৰত বহি থকা স্থানীয় লোকে প্রত্যক্ষ কৰিছিল। যাত্ৰীৰ অপেক্ষাত ৰৈ থকা বুলি সকলোৱে ভাবিছিল।
কিন্তু সন্ধিয়ালৈ সেই স্থানত টেম্প’খন ৰৈ থকাত স্থানীয় লোকৰ সন্দেহ হয় আৰু ততালিকে আৰক্ষীক খবৰ দিয়ে।
খবৰ পোৱা মাত্ৰকে হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ টেম্প’সহ মৃত অৱস্থাত মুজিবৰ ৰহমানক উদ্ধাৰ কৰে।
লগে লগে লোকজনক হাজো এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ৰহমানক মৃত বুলি ঘোষণা কৰে।
হাজো আৰক্ষীয়ে ৰহমানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।