চাঞ্চল্যকৰ! মহানগৰীৰ পৰা সন্ধানহীন অৰুণাচলৰ সাংসদৰ ভাতৃ…

মহানগৰীৰ পৰা সন্ধানহীন অৰুণাচল প্ৰদেশৰ সাংসদৰ ভাতৃ।

অৰুণাচলৰ সাংসদ তাপিৰ গাওৰ ভাতৃ তাহং গাও সন্ধানহীন।

গণেশগুৰিত এখন উবেৰ বাহনত উঠাৰ পাছতে সন্ধানহীন হৈছে লোকজন।

ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীত দাখিল হৈছে এজাহাৰ।

উৱেৰত উঠা বাহন খনৰ নম্বৰ এতিয়ালৈ উলিয়াব পৰা নাই আৰক্ষীয়ে।

পৰিয়ালৰ আন দুই সহযোগী আছিল প্ৰথম অৱস্থাত বাহনখনত।

যদিওৱা গণেশগুৰি পোৱৰ পূৰ্বে দুই পৰিয়াল সদস্যই নামিছিল উবেৰখনৰ পৰা।

বৃহস্পতিবাৰে ব্যৱসায়িক কাম–কাজৰ বাবে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল তাহং গাও।

বিয়লি প্ৰায় ৩ বাজি ৩০ মিনিটত ওলাই অহা তাহঙৰ মোবাইল কিছু সময় পিছত বন্ধ হৈছিল৷ সেই বন্ধ হোৱা মোৱাইল এতিয়ালৈ অন হোৱা নাই।

মোবাইল বন্ধ হোৱাৰ পিছত পৰিয়ালৰ লোকে ঘটনাক লৈ দিছপুৰ আৰক্ষীৰ ওচৰ চাপে। ঘটনাটো অপহৰণজনিত বুলি সন্দেহ পৰিয়ালৰ।