অসম

চাঞ্চল্যকৰ! মহানগৰীত দিন দুপৰতে গুলীচালনা কৰি দুৰ্বৃত্তই লুটি নিলে ধন, গুলীবিদ্ধ ৰঞ্জিত বৰাৰ মৃত্যু

এক চাঞ্চল্যকৰ ঘটনা।

গুৱাহাটী মহানগৰীত দিন দুপৰতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা।

পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ সমীপত গুলীচালনাৰ ঘটনা।

বাইকত অহা দুৰ্বৃত্তই ৰঞ্জিত বৰা নামৰ এজন লোকক গুলীয়াই লুটি নিলে নগদ ধন।

মূৰত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ GMCHত মৃত্যু।

image 142

গ্লেমাৰ বাইকত আছিল দুৰ্বৃত্ত।

ৱেগ’নাৰ বাহনৰ ভিতৰত আছিল গুলীবিদ্ধ ৰঞ্জিত বৰা

বেংকত ধন জমা কৰিব আহোতে মূৰত গুলীয়াই কাহিলিপাৰৰ ভগদত্তপুৰৰ ৰঞ্জিত বৰা নামৰ লোকজনক।

লগে লগে মহানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুলীবিদ্ধ ৰঞ্জিত দাসক GMCH লৈ প্ৰেৰণ কৰে যদিও লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ৰঞ্জিত বৰাৰ বাহনখনৰ নম্বৰ AS01 BH5022।

পূৰবী ডেইৰীৰ বিতৰক আছিল ৰঞ্জিত বৰা।

ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

Back to top button