
এক চাঞ্চল্যকৰ ঘটনা৷
ম’বাইলত গেম খেলাৰ বাবেই হত্যাৰ বলি হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰ৷
কাছাৰৰ বৰখলা বিধানসভাৰ জাৰইলতলাইত সংঘটিত হৈছে এই ভয়ং ঘটনা৷
মৃত কিশোৰজন ১৩ বছৰীয়া পান্না নাথ৷
জানিব পৰা মতে, প্ৰতিবেশীৰ ঘৰত বহি গেম খেলি আছিল পান্না নাথে৷
সেই সময়ত কিশোৰটিক গেম খেলাত বাধা প্ৰদান কৰিছিল দীপক নাথ নামৰ এজন লোকে৷
ঘটনাক লৈ দুয়োৰে মাজত সৃষ্টি হয় তৰ্কা-তৰ্কিৰ৷
তাৰ পিছতে কিশোৰজনক প্ৰচণ্ড মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে দীপক নাথৰ বিৰুদ্ধে৷
মাতৃয়ে আহত কিশোৰজন ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজলৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে কিশোৰজনক৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰখলা আৰক্ষী চকীত এজেহাৰ দাখিল কৰিছে মৃত কিশোৰৰ পিতৃয়ে৷
ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷