চাঞ্চল্যকৰ! ভোলানাথৰ দৰে ডিঙিত সাপ মেৰিয়াই চেল্ফি তোলাৰ চেষ্টা কিশোৰৰ, ঘটিল এই ঘটনা… ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ চেল্ফি লোৱাৰ দুৰ্বাৰ উন্মাদনাই প্ৰাণ কাঢ়িলে এজন কিশোৰৰ।

ডিঙিত সাপ মেৰিয়াই চেল্ফি ল’বলৈ যাওতেই বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল কিশোৰজনৰ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পট্টিশ্ৰীৰামুলু নেল্লোৰ জিলাৰ কান্দুকুৰ টাউটন।

বিষাক্ত সাপৰ দংশনৰ পিছতে কিশোৰজনক হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে মণিকান্ত ৰেড্ডী নামৰ কিশোৰজনৰ।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ দিনা চহৰৰ আৰটিচি ডিপোৰ সমীপত এজন সাপ ধৰা ব্যক্তিৰ সাপৰ খেল প্ৰদৰ্শন কৰিছিল।

মণিকান্ত ৰেড্ডীয়েও সেই খেল চোৱাৰ পিছতে কিশোৰজনে সাপ ধৰা ব্যক্তিজনৰ পৰা সাপডাল লৈ চেল্ফি উঠিবলৈ ডিঙিত মেৰিয়াই লয়।

কিন্তু চেলফি উঠি সাপটো ডিঙিৰ পৰা খুলিবলৈ লওতেই কিশোৰজনৰ ডিঙিত দংশন কৰে সাপডালে।

লগে লগে কিশোৰজনক অংগোলৰ ওচৰৰ চিকিৎসালয়লৈ নিয়া হয় যদিও আধা বাটতে মৃত্যু ঘটে মণিকান্ত ৰেড্ডীৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।