নিউজ ডেস্কঃ ভুৱা নিযুক্তিৰ কেলেংকাৰীৰ বলি হৈ ৪ মাহ ধৰি ভাৰতীয় সেনাত সেৱা আগবঢ়াই ঘৰলৈ উভতিবলগীয়া হ’ল এজন যুৱক।
এনে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পাঠানকোটৰ ২৭২ ট্ৰেনজিট কেম্পৰ ১০৮ ইনফেনটৰি বেটেলিয়ানৰ এজন জোৱানৰ সৈতে।
উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ নিৱাসী মনোজ কুমাৰ নামৰ যুৱকজনে নিজৰ অলক্ষিতেই ভুৱা আইডি আৰু সেনাৰ পোছাক পৰিধান কৰি বিগত ৪ মাহ ধৰি ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়ায়।
শেহতীয়াকৈ সামৰিক চোৰাংচোৱাৰ তথ্যত এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে মনোজ কুমাৰ নামৰ যুৱকজনক ঘৰলৈ ওভতাই পঠিয়ায় ভাৰতীয় সেনাই।
দৰাচলতে মনোজ কুমাৰক নিযুক্তি প্ৰদান কৰিছিল মীৰাটৰ দৌৰালা অঞ্চলৰ নিৱাসী ৰাহুল সিং নামৰ এজন জোৱানে। ‘নিযুক্তি’ লাভ কৰাৰ পিছত মনোজ কুমাৰে সেনাৰ আইডি, পোছাক আৰু ৰাইফলৰ লগতে প্ৰতিমাহে ১২,৫০০ টকাৰ দৰমহাও লাভ কৰিছিল।
ভুক্তভোগী মনোজ কুমাৰে আৰক্ষীৰ ওচৰত দাখিল কৰা এখন এজাহাৰত উল্লেখ কৰে যে, ৰাহুল সিঙে তেওঁক ১৬ লাখ টকাৰ বিনিময়ত নিযুক্তি প্ৰদান কৰিছিল ৰাহুল সিঙে।
সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, কুমাৰক “নিযুক্তি” কৰা হৈছে বুলি পতিয়ন নিয়াবলৈ ৰাহুল সিঙে তেওঁক ইউনিফৰ্ম আৰু আইডি প্ৰদান কৰাৰ লগতে সেনাৰ এটা ৰাইফলো প্ৰদান কৰিছিল।

এই ঘটনা সন্দৰ্ভত মনোজ কুমাৰে কয়, ‘মোক ২৭২ ট্ৰেনজিট কেম্পত মাতি অনা হৈছিল আৰু এজন জ্যেষ্ঠ সেনা বিষয়াই মোক শিবিৰৰ ভিতৰলৈ লৈ গৈছিল। তাত মোৰ ৰান্ধনীশালৰ দক্ষতা পৰীক্ষা কৰা হৈছিল আৰু পিছত মোৰ শাৰীৰিক পৰীক্ষা কৰা হৈছিল।’
কুমাৰে লগতে কয়, ‘অলপ পিছতে মোক ৰাহুল সিঙে জনাই দিয়ে যে মোক নিযুক্তি দিয়া হৈছে যদিও প্ৰথম অৱস্থাত একাধিক কাম কৰিব লাগিব। আনকি মোক ইনছাছ ৰাইফল এটাও যোগান ধৰিছিল আৰু শিবিৰটোতেই চকীদাৰ হিচাপে পোষ্ট কৰা হৈছিল।’
তেওঁ লগতে কয়, ‘সময়ৰ লগে লগে মই আন জোৱানসকলৰ লগত মত বিনিময় কৰিছিলো আৰু তেওঁলোকে মোৰ এপইণ্টমেণ্ট লেটাৰ আৰু আইডি দেখি ভুৱা বুলি সন্দেহ কৰিছিল। ইয়াৰ পিছতে অক্টোবৰৰ শেষৰ ফালে মোক কানপুৰৰ এখন শাৰীৰিক প্ৰশিক্ষণ একাডেমীলৈ প্ৰেৰণ কৰা হয়। আৰু তাৰ পৰাই মোক ঘৰলৈ পঠিওৱা হয়।’
উল্লেখ্য যে, এই নিযুক্তি কেলেংকাৰীৰ অভিযুক্ত ৰাহুল সিঙে অলপতে স্বাস্থ্যৰ দোহাই দি ভাৰতীয় সেনাৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছে।
সামৰিক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ইতিমধ্যে মীৰাট আৰক্ষীয়ে অভিযুক্ত ৰাহুল সিং, তেওঁৰ সহযোগী বিট্টু সিং আৰু মনোজ কুমাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।