চাঞ্চল্যকৰ! ভাৰতত চিলনী চোৰৰ আতংকৰ বলি বিদেশী পৰ্যটক, কাঢ়ি লৈ গ’ল আইফোন, ক্ৰেডিট কাৰ্ড, ড্ৰাইভিং লাইচেন্স…

নিউজ ডেস্কঃ ভাৰতত চিলনী চোৰৰ আতংকৰ বলি হ’ল এগৰাকী বিদেশী পৰ্যটক।

ভাৰতত চিলনী চোৰৰ আতংক নতুন কথা নহয়। প্ৰায়ে ৰাজপথত মহিলা-যুৱতীৰ পৰা চিলনী চোৰে কাঢ়ি নিয়ে সোণ-ৰূপৰ গহনাৰ লগতে মূল্যবান সামগ্ৰী।

কিন্তু এইবাৰ ভাৰত ভ্ৰমণলৈ অহা এগৰাকী বিদেশী চাইকেলিষ্টৰ পৰা দুস্কৃতিকাৰীয়ে মোবাইল ফোনকে ধৰি প্ৰয়োজনীয় সামগ্ৰী কাঢ়ি নিয়া কাৰ্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, চাইকেল চলাই বিশ্বযাত্ৰা কৰাৰ লক্ষ্যৰে কেইবাখনো দেশ অতিক্ৰম কৰি সোমবাৰে পঞ্জাৱৰ লুধিয়ানাত উপস্থিত হৈছিল নৰৱেৰ জেছহাইমৰ নাগৰিক এস্পেন লিলিংগেন নামৰ ২১ বৰ্ষীয় এজন যুৱক।

সন্ধিয়া তেওঁ মোবাইল ফোনত কথা পাতি লুধিয়ানা-দিল্লী পথেৰে চাইকেল চলাই গৈ থকা সময়তে অচিনাক্ত দুৰ্বৃত্তই বিদেশী পৰ্যটকগৰাকীৰ আইফোনটোৰ লগতে ড্ৰাইভিং লাইচেন্স আৰু ক্ৰেডিট কাৰ্ড কাঢ়ি লৈ যায়।

নিজৰ প্ৰয়োজনী সামগ্ৰীখিনি হেৰুৱাই অসহায় হৈ পৰা যুৱকজনে পথৰ দাঁতিত বহি থকা দেখি পিছত এগৰাকী স্থানীয় নিৱাসীয়ে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে বিদেশী নাগৰিকগৰাকীৰ হেৰুওৱা সামগ্ৰীখিনিৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰাৰ লগতে তেওঁৰ থকাৰ ব্যৱস্থাও কৰি দিছে।

উল্লেখ্য যে, নৰৱেৰ নাগৰিক এস্পেনে ৬ মাহ পূৰ্বে চাইকেল যাত্ৰা আৰম্ভ কৰিছিল।

২৩ খন দেশ চাইকেলেৰে অতিক্ৰম কৰাৰ পিছত সোমবাৰে তেওঁ উপস্থিত হয় ভাৰতত।

অহা ৩ মাহৰ ভিতৰত তেওঁ বাকী ৰাষ্ট্ৰ ভ্ৰমণ কৰি নিজৰ এই যাত্ৰা সামৰণি মাৰিব বুলি জানিবলৈ দিয়ে এস্পেনে।