অসমীয়াৰাষ্ট্ৰীয়

চাঞ্চল্যকৰ! ব্যক্তিগত হাস্পতালৰ ভিন্ন কোঠাত ৰহস্যজনকভাৱে উদ্ধাৰ দন্ত চিকিৎসাৰ বাবে যোৱা মাতৃ-কন্যাৰ মৃতদেহ…

নিউজ ডেস্কঃ দাঁতৰ চিকিৎসাৰ বাবে যোৱাৰ পিছতে এখন ব্যক্তিগত হাস্পতালৰ দুটা ভিন্ন কোঠাত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

বুধবাৰে গুজৰাটৰ আহমেদাবাদৰ মণিনগৰ অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে, মণিনগৰ অঞ্চলৰ এখন ব্যক্তিগত হাস্পতালৰ দুটা ভিন্ন কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ভাৰতী ৱালা নামৰ ৩০ বৰ্ষীয় মহিলাগৰাকীৰ লগতে তেওঁৰ মাতৃ চম্পাৰ মৃতদেহ।

ভাৰতী ৱালাৰ ভাতৃয়ে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা দাঁতৰ চিকিৎসাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ভগ্নী আৰু মাতৃ।

অৱশ্যে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যিখন হাস্পতালত দুয়োৰে মৃতদেহ উদ্ধাৰ হৈছে, সেই হাস্পতালখনত তেওঁলোকৰ কোনো এপইণ্টমেন্ট নাছিল বা অপাৰেশ্যন হোৱা নাই।

আৰক্ষীৰ মতে, আহমেদাবাদৰ কাগদাপীঠ থানাৰ অধীনৰ ভূলভাই পাৰ্কৰ সমীপত অৱস্থিত চিকিৎসালয়খনৰ ভিতৰৰ পৰা দুৰ্গন্ধ নিৰ্গত হ’বলৈ আৰম্ভ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে।

image 122

চিকিৎসালয়খনৰ অপাৰেচন থিয়েটাৰত আলমাৰীত উদ্ধাৰ হৈছে ভাৰতীৰ মৃতদেহ।

চিকিৎসালয়খনে ঘটনা সন্দৰ্ভত কাগদাপীঠ আৰক্ষীক অৱগত কৰি তদন্ত আৰম্ভ কৰে। এটা দলে চিকিৎসালয়ত উপস্থিত হৈ চিচিটিভিৰ ফুটেজ স্কেন কৰিবলৈ আৰম্ভ কৰে, সেই সময়তে তেওঁলোকে গম পায় যে ভাৰতীৰ সৈতে চিকিৎসালয়লৈ অহা আন এগৰাকী মহিলাও আছে।

আৰক্ষীৰ দলটোৱে চৌহদত তালাচী আৰম্ভ কৰি অৱশেষত চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ এটা কোঠাৰ বিচনাৰ তলৰ পৰা ভাৰতীৰ মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলা দুগৰাকী চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত এঘণ্টা ধৰি চিচিটিভি কেমেৰা ৰহস্যজনকভাৱে বন্ধ হৈ পৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, মাতৃৰ শৰীৰত ডিঙি চেপি ধৰাৰ চিন আছে। ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ এটা দলো সেই স্থানত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে।

প্ৰাথমিক তদন্তত দুয়োগৰাকী মহিলাক বিষাক্ত বেজি প্ৰদান কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ঘটনাৰ সত্যাসত্য পোহৰলৈ আহিব।

সহকাৰী আৰক্ষী আয়ুক্ত মিলাপ পেটেলে জানিবলৈ দিয়া মতে, তেওঁলোকে চিকিৎসালয়খনৰ কৰ্মচাৰীসকলক সোধা-পোছা কৰি আছে আৰু চিকিৎসালয়খনত কাম কৰা মনসুখ নামৰ এজন লোককে ধৰি তিনিৰ পৰা চাৰিজন লোকক সোধা-পোছাৰ বাবে আটক কৰিছে।

Related Articles

Back to top button