চাঞ্চল্যকৰ! বিয়াৰ ৩ মাহ পিছতে স্বামীগৃহত ৰহস্যজনকভাৱে উদ্ধাৰ বৰ্ণালীৰ মৃতদেহ, অসম আৰক্ষীত কৰ্মৰত ননদৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ…

নিউজ ডেস্কঃ বিয়াৰ মাত্ৰ তিনিমাহ পিছতে এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পলাশবাৰীৰ ৰামপুৰত।

বৰ্ণালী কলিতা নামৰ নৱ বিবাহিতা মহিলাগৰাকীৰ মৃত্যুৰ পিছত স্বামীগৃহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

উল্লেখ্য যে, মাত্ৰ তিনিমাহ পূৰ্বে ৰামপুৰৰ কমল কলিতা নামৰ লোকজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল বৰ্ণালী।

কিন্তু বিয়াৰ ৩ মাহ পিছতে ৰহস্যজনকভাৱে স্বামীগৃহত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

স্বামী কমল কলিতাই এয়া এক আত্মহত্যাৰ ঘটনা বুলি পতিয়ন নিয়াব বিচাৰিলেও বৰ্ণালীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃগৃহই।

বিয়াৰ পিছতে স্বামী কমল কলিতা আৰু তেওঁৰ পৰিয়ালে বৰ্ণালী কলিতাৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে।

তদুপৰি কমল কলিতাৰ বিবাহিতা ভগ্নী এগৰাকীৰ বিৰুদ্ধেও উত্থাপন কৰে অত্যাচাৰৰ অভিযোগ।

পৰিয়ালৰ অভিযোগ অনুসৰি, অসম আৰক্ষীত কৰ্মৰত কমল কলিতাৰ ভগ্নীয়ে প্ৰায়ে বৰ্ণালীৰ ওচৰত এৰি থৈ গৈছিল তেওঁৰ সন্তানক।

আৰু পৰৱৰ্তী সময়ত বিভিন্ন অজুহাত দেখুৱাই শাৰীৰক-মানসিক অত্যাচাৰ চলাইছিল নবৌৱেক বৰ্ণালী কলিতাৰ ওপৰত।

তদুপৰি বিজয়নগৰ আৰক্ষী চকীত কৰ্মৰত ননদজনীয়ে চাকৰি প্ৰদানৰ প্ৰলোভন দি বৰ্ণালীৰ পৰা ৮০ হাজাৰ টকা লোৱা বুলিও গুৰুতৰ অভিযোগ তোলে পৰিয়ালে।