
নিউজ ডেস্কঃ বিয়াৰ ছমাহ পিছতে তেল ডিপোৰ এটা আৱাসগৃহত এজন যুৱকে আত্মহননৰ পথ বাচি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়া জিলাৰ মাকুমত।
শুকুৰবাৰে পুৱা এই কৰুণ ঘটনা সংঘটিত হয় মাকুম ছোট হাপজানৰ এনআৰএল তেল ডিপোত।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেল ডিপোটোত কৰ্মৰত বিশ্বজিৎ ফুকন নামৰ যুৱকজনক শুকুৰবাৰে পুৱা তেল ডিপোটোৰ এটা আৱাসস্থানত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।
তিনিচুকীয়াৰ কচুজান গাঁৱৰ যুৱকজনে মাত্ৰ ৬ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।
কিন্তু যুৱকজনে কি কাৰণে চিপ লৈ আত্মহননৰ পথ বাচি ল’লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।