চাঞ্চল্যকৰ! বিয়াৰ মাত্ৰ এদিন পূৰ্বে ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ…

নিউজ ডেস্কঃ দেওবাৰে ঘৰত সম্পন্ন হোৱাৰ কথা আছিল বিবাহৰ অনুষ্ঠান।

কিন্তু তাৰ পূৰ্বেই এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাত।

বিয়াৰ মাত্ৰ এদিন পূৰ্বেই গাঁৱৰ পথাৰৰ এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বাশবাৰী বালাৰপেট গাঁৱত।

জানিব পৰা মতে, দেওবাৰে ঘৰত বিবাহ সম্পৰ্কীয় এক অনুষ্ঠান সম্পন্ন হোৱাৰ কথা আছিল গাঁওখনৰ নিৱাসী কমল বেজবৰুৱা নামৰ যুৱকজনৰ।

কিন্তু বিয়াৰ মাত্ৰ এদিন পূৰ্বে, অৰ্থাৎ শনিবাৰে পুৱা গাঁৱৰ পথাৰৰ মাজৰ গছত চিপ লোৱা অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

একাংশই এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিলেও পৰিয়াল আৰু আন একাংশই যুৱকজনক পৰিকল্পতিভাৱে হত্যা কৰাৰ দাবী কৰিছে।

ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।